উত্তৰ-পূব

নাগালেণ্ডৰ বন আৰু পৰিবেশ মন্ত্ৰী চি এম চাঙৰ আকস্মিক মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ,ৱাখা : নাগালেণ্ডৰ নেইফিউ ৰিঅৰ চৰকাৰৰ বন আৰু পৰিবেশ তথা আইন মন্ত্ৰী চি এম চাঙৰ সোমবাৰে বিয়লি ক'হিমাত আকস্মিক ভাৱে দেহাৱসান ঘটে । মৃত্যুৰ সময়ত মন্ত্ৰী চাঙৰ বয়স হৈছিল ৭৮ বছৰ । উল্লেখ্য যে চি এম চাঙ কিছুদিন পৰা অসুস্থ হৈ থকাৰ বাবে ক'হিমাৰ নাগা হাস্পাতলত চিকিৎসাধীন হৈ আছিল কিন্তু সোমবাৰে বিয়লি হঠাৎ মৃত্যু হয় ।

মন্ত্ৰী চি এম চাঙৰ জন্ম হৈছিল ১৯৪২ চন নাগালেণ্ডৰ টুৱেনচাঙ জিলাৰ নকচেঙ গাঁৱত । ২০০২ চনত ভাৰতীয় অসামৰিক সেৱা বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা চাঙে এন পি এফ আৰু পৰৱৰ্তী সময়ত এন ডি পি পি দলৰ বিধায়ক নিৰ্বাচিত হৈ বৰ্তমান নেইফিউ ৰিঅৰ চৰকাৰৰ বন আৰু পৰিবেশ তথা আইন মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল । মন্ত্ৰী চি এম চাঙৰ মৃত্যুত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ আৰু ৰাজ্যপাল আৰ এন ৰবিয়ে শোক প্ৰকাশ কৰিছে ।