সম্পূৰ্ণ ১০০ শতাংশ নহ'লেও ৭২.৯ শতাংশ ভোটদানেৰে ইতিহাস ৰচিলে নাগালেণ্ডে । ইয়াৰ পূৰ্বে কাহানিও প্ৰত্যক্ষ কৰা হোৱা নাছিল ৰাইজৰ ৰাজনীতিৰ প্ৰতি এনে বৃহৎ সমৰ্থন । এই বৃহৎ সংখ্যক ভোটেৰে অতি শীঘ্ৰেই নাগা ৰাজনৈতিক সমস্যাৰ সমাধান হ'ব বুলি আশাবাদী মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'...
ইতিহাস সৃষ্টি কৰিলে নাগালেণ্ডে । ৫৭.৬০ শতাংশ ভোটগ্ৰহণেৰে ৰাজ্যৰ ভৱিষ্যত সলনি কৰাৰ দিশে নাগালেণ্ড...
মুঠ ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিশ্চিত হ'ব নাগালেণ্ড নিৰ্বাচনত । দিনৰ ১১ বজালৈ মুঠ ৩৮.৬৮ শতাংশ ভোট গ্ৰহণ সম্পূৰ্ণ হয় ৰাজ্যখনত । ই ৰাজ্যখনৰ বাবে এক নতুন ৰেক'ৰ্ড । ইয়াৰ পূৰ্বে ৪৯.৪৪ শতাংশ ভোট গ্ৰহণ আছিল ৰাজ্যখনৰ বাবে সৰ্বাধিক...
নাগালেণ্ডৰ বহু কেইটা অঞ্চলত নিৰ্বাচনকেন্দ্ৰিক হিংসা প্ৰত্যক্ষ হোৱাৰ সময়তেই প্ৰশাসনে আৰু কটকটীয়া কৰে সুৰক্ষা ব্যৱস্থা । মুঠ ৩০৫ টা প্ৰতিষ্ঠানৰ পৰা নিৰাপত্তাৰক্ষী মোতায়েন কৰিব লগীয়া হৈছে সমগ্ৰ নাগালেণ্ডত...
ভোটদান কৰি সংবাদ মাধ্যমৰ সন্মুখত প্ৰদান কৰা ভাষ্য অনুসৰি পঞ্চম বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব বুলি আশাবাদী নেইফিউ ৰিঅ'
বিভিন্ন অঞ্চলৰ বিক্ষিপ্ত ঘটনাৰ মাজতেই অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱা ৯ বজালৈ ১৭ শতাংশ ভোটাৰৰ উপস্থিতিয়ে আশা কঢ়িয়াই আনিছে নাগালেণ্ডৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ...
মেঘালয়ৰ আকুলুতো সমষ্টিত ইতিমধ্যে জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী কাঝেট' কিমিনিয়ে । বিনা প্ৰতিদ্বন্দিতাৰেই সমষ্টিটোত জয়লাভ কৰাৰ সৈতেই ৫৯ খন আসনৰ বাবেহে অব্যাহত থাকিব যুঁজ...
শূণ্যলৈ গুলী চালনা আৰক্ষীৰ
নাগালেণ্ডৰ ঠায়ে ঠায়ে পৰিলক্ষিত হ'ল নিৰ্বাচনকেন্দ্ৰিক বিক্ষিপ্ত ঘটনা । এইবাৰ মককচুং জিলাৰ উমা বস্তিত দুটা ফৈদৰ মাজত হোৱা হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি স্তব্ধ ৰখা হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া । এন পি পিৰ সমৰ্থকসকলক আক্ৰমণ কৰা ঘটনাই এতিয়া সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ
নাগালেণ্ডৰ তৌফেমা জিলাত ভোটদানৰ বাবে অপেক্ষাৰত অৱস্থাত দেখা গ'ল জ্যেষ্ঠ নাগৰিকসকলক । উল্লেখ্য যে উক্ত সমষ্টিৰেই প্ৰাৰ্থী বৰ্তমানৰ মুখ্যমন্ত্ৰী নেইফউ ৰিঅ' ।
নাগালেণ্ডত সাময়িকভাৱে স্তব্ধ ভোটগ্ৰহণ প্ৰক্ৰিয়া । নাগালেণ্ডৰ আলাংকাকীত উত্তপ্ত পৰিস্থিতি । দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা । শিলগুটি নিক্ষেপ ভোটদাতালৈ...
৪০ নং ভাণ্ডাৰী সমষ্টিত এই ঘটনা । এন পি এফ আৰু এন পি পি কৰ্মীৰ মাজত সংঘাত । এন পি এফ ৰ কৰ্মীৰ গুলীত আঘাতপ্ৰাপ্ত এন পি পি কৰ্মী ।
সৰ্বমুঠ ৬০ খন আসনৰ বাবে হোৱা এই মৰণপণ যুঁজে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব নাগালেণ্ডৰ ভৱিষ্যতৰ । যাৰ বাবে আজি নাগালেণ্ডৰ সাধাৰণ জনতাৰ হাতত ন্যস্ত আছে এক গুৰু দায়িত্ব তথা শক্তি । এই মুহুৰ্তৰ বিবেচনাই সিদ্ধান্ত গ্ৰহণ কৰিব দীৰ্ঘদিনৰ পৰাই বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত নাগালেণ্ডৰ উত্তৰসূৰীৰ ভৱিষ্যত । তেনেস্থলত এক জড়গ্ৰস্ত শাসকৰ ঠাইত সক্ৰিয়া আৰু সহানুভুতিশীল চৰকাৰৰ আশাত আজি উদ্যমী নাগালেণ্ডৰ বৰ্তমান প্ৰজন্ম...