উত্তৰ-পূব

অমৃতসৰত ফ্লেটৰ ভাৰা দিব নোৱাৰাৰ বাবে আবদ্ধ কৰি ৰখা নগা যুৱতীক উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ৱাখাঃ লকডাউনৰ বাবে ফ্লেটৰ ভাৰা দিব নোৱাৰি মালিকক হাতত আবদ্ধ হৈ পৰা নাগালেণ্ডৰ ন গৰাকী যুৱতীক আজি নগা ষ্টুডেণ্ট ইউনিয়নৰ সহযোগত পাঞ্জাৱৰ আৰক্ষীয়ে উদ্ধাৰ কৰে । নগা ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ইমছাংগাৰ জমিৰে জানিবলৈ দিয়ামতে নাগালেণ্ডৰ নগৰাকীৰ যুৱতীয়ে অমৃতসৰৰ এখন হোটেলত কাম কৰিছিল কিন্তু লকডাউনৰ বাবে তেওঁলোক কৰ্মহীন হৈ পৰে ।

তীব্ৰ আৰ্থিক সংকটত ভোগাত যুৱতী কেইগৰাকীয়ে ফ্লেটৰ মালিকক মাহেকীয়া ভাৰা দিব পৰা নাছিল । ভাৰা দিব নোৱাৰাৰ বাবে ফ্লেটৰ মালিকে তেওঁলোকক ৰূমত আবদ্ধ কৰি ৰাখে । মালিকৰ এই অমানৱীয় কাৰ্যত অসহায় হৈ পৰা নগা যুৱতীসকলে ফোন কৰি জলন্ধৰৰ চাৰ্ছ অৱ ইণ্ডিয়াৰ এগৰাকী পাদুৰীক এই সমস্ত ঘটনা অৱগত কৰি মালিকৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ আহবান জনায় ।

বুধবাৰে চাৰ্ছ অৱ ইণ্ডিয়াৰ পৰা নগা ষ্টুডেণ্ট ইউনিয়নে এই খবৰ পাই আৰক্ষীৰ সহযোগত ফ্লেটত আবদ্ধ হৈ থকা যুৱতী গৰাকী কেইগৰাকীক উদ্ধাৰ কৰে । ঘটনাৰ অনুসন্ধান কৰি আৰক্ষীয়ে ফ্লেটৰ মালিকক গ্ৰেপ্তাৰ কৰাৰ লগতে যিখন হোটেলত যুৱতীসকলে কাম কৰিছিল সেই হোটেল কৰ্তৃপক্ষক দৰমহা প্ৰদান কৰিবলৈ বাধ্য কৰায় ।

বৰ্তমান নগা যুৱতীসকল অমৃতসৰৰ চি এন আই গিৰ্জাৰ তত্বাৱধানত আশ্ৰয় লৈ আছে । নগা ষ্টুডেণ্ট ইউনিয়নৰ মতে পাঞ্জাৱত এতিয়াও নাগালেণ্ডৰ অন্য ১৩০ গৰাকী ব্যক্তি লকডাউনৰ বাবে আবদ্ধ হৈ আছে ।