উত্তৰ-পূব

নগা অধ্যুষিত অঞ্চল একত্ৰিকৰণ, পৃথক বাজেট আৰু পান নগা হোহোৰ বাবে ৰোড মেপ প্ৰস্তুত…

asomiyapratidin

ডিজিটেল সংবাদ, ৱাখাঃ দশকজোৰা পুৰণি নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে ভাৰত চৰকাৰৰ সৈতে আলোচনা অব্যাহত থকাৰ সময়তে চূড়ান্ত নগা চুক্তিৰ সন্দৰ্ভত নেচনেলিষ্ট ছচিয়েলষ্টি কাউন্সিল অৱ নাগালিম ইশ্বাক-মুইভা গোটে পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিছে। শুকুৰবাৰে ডিমাপুৰৰ কেম্প হেব্ৰনৰ মুখ্য কাৰ্যালয় পৰা জাৰি কৰা এক প্ৰেছবাৰ্তাত এই বুলি কয় যে- ভাৰত চৰকাৰে নগাসকলৰ ৰাজনৈতিক পৰিচয় এক ৰাষ্ট্ৰ হিচাবে স্বীকাৰ কৰিছে। ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট বৰ্তি থাকিবলৈ দক্ষতা আৰু পাৰস্পৰিক সহমত আৰু নগা ৰাষ্ট্ৰীয় পতাকা, সুকীয়া সংবিধানৰ বিষয়টো অন্তৰ্ভুক্ত।

গ্ৰেটাৰ নাগালেণ্ডৰ নাগালিমৰ বাবে সকলো নগা অধ্যুষিত অঞ্চল একত্ৰিকৰণৰ সন্দৰ্ভত এন এছ চি এন আই এমে কয়- এক ৰোড মেপৰ জৰিয়তে সমকালীন দৃষ্টিৰে ৰাজনৈতিকভাৱে সমাধান কৰাৰ বাবে কাম কৰিছে। কেৱল একত্ৰিকৰণেই নহয় নাগালিমৰ বাবে সুকীয়া বাজেট, সামাজিক সাংস্কৃতিক পান নগা হোহো গঠন কৰিব লাগিব ।

এন এছ চি এন আই এমে কৈছে যে- ২০১৫ চনৰ ৩ আগষ্টত স্বাক্ষৰ কৰা ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত নগাসকলৰ ইতিহাস আৰু পৰিচয়ৰ স্বীকৃতি দিয়া হৈছে । এই স্বীকৃতিয়ে নগাসকলৰ সাৰ্বভৌমত্বৰ মান্যতা প্ৰদান কৰে । এই চুক্তিৰ দ্বাৰা নগাসকলৰ ৰাজনৈতিক পৰিচয়ৰে বিশ্বাস স্থাপন কৰা হৈছে । চুক্তিৰ মতে নগাসকল নিজৰ ভূমিৰ মালিক। এই ভূমিৰ ওপৰত আৰু তলত থকা সকলো সম্পদৰ নগাসকলৰ । লগতে এই চুক্তিয়ে নগাসকলৰ একত্ৰিকৰণ বৈধ অধিকাৰৰ মান্যতা প্ৰদান কৰিছিল ।

পৃথক পতাকা আৰু সংবিধানৰ সন্দৰ্ভত এন এছ চি এনে কয়- এয়া দুৰ্ভাগ্যজনক যে ভাৰতীয় পক্ষৰ কিছু নেতাই এই বিষয়টো ইছু কৰিছে। বাস্তৱিকতে পতাকা আৰু সংবিধান আমাৰ মান্যতা প্ৰাপ্ত অধিকাৰ আৰু পৰিচয়ৰ বিশেষত্ব । ১৯৯৭ চনত যুদ্ধ বিৰতিৰ চুক্তি স্বাক্ষৰ পিছত ভাৰত চৰকাৰ আৰু এন এছ চি এনৰ মুখ্য আলোচনাকাৰী থুইংগালেঙ মুইভাই নগাসকলৰ ৰাজনৈতিক পৰিচয়ৰ সন্দৰ্ভত বহুবাৰ নিজৰ স্থিতি স্পষ্ট কৰিছে । নগাসকল সৰু আৰু দুৰ্বল হলেও নগা ৰাষ্ট্ৰৰ অদ্বিতীয় আৰু অতুলনীয় ।

এন এছ চি এন মুইভা গোটে ভাৰত চৰকাৰক কয়- চূড়ান্ত চুক্তিত নগা পতাকা আৰু সংবিধান অন্তৰ্ভুক্ত কৰিলে কেৱল নগা ৰাজনৈতিক সমস্যা সমাধান কৰাই নহয় সাত দশকজোৰা নগা ভাৰত সংঘাতৰ স্থায়ী সমাধান হ'ব তথা পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী হ'ব । ইফালে অন্তিম পৰ্যায়ত থকা শান্তি আলোচনাৰ চূড়ান্ত নগা চুক্তিৰ পূৰ্বেই চলিত নবেম্বৰ মাহৰ শেষত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ ভ্ৰমণ কৰি সকলো পক্ষৰ মতামত গ্ৰহণ কৰিব ।

শুকুৰবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে বিধানসভাৰ সচিবালয়ৰ কক্ষত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে । বীৰেণ সিঙে কয় যে- মণিপুৰৰ অখণ্ডতাৰ সৈতে কোনো আপোচ কৰা নহ'ব । কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহে নগা চূড়ান্ত চুক্তিৰ পূৰ্বে মণিপুৰ সকলো বিধায়ক আৰু বিভিন্ন পক্ষক লগ ধৰি মতামত গ্ৰহণ কৰিব।