উত্তৰ-পূব

নতুন দিল্লীত এছচিএন ইশ্বাক মুইভা গোটৰ সৈতে নাগা ষ্টুডেন্ট ফেডাৰেচনৰ জৰুৰী বৈঠক…

asomiyapratidin

ডিজিটেল সংবাদ বেকাজান : নগা সমস্যা সমাধানৰ বাবে বৰ্তমান ভাৰত চৰকাৰৰ সৈতে অনানুষ্ঠানিকভাৱে চলি থকা উচ্চ পৰ্যায়ৰ আলোচনাৰ মাজতে সোমবাৰে বিয়লি হঠাতে এন এছ চি এন আই এমে নাগা ষ্টুডেন্ট ফেডাৰেচনক নতুন দিল্লীলৈ জৰুৰী তলব কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

সোমবাৰে নাগা ষ্টুডেন্ট ফেডাৰেচনৰ এটা প্ৰতিনিধি দলে বিমান যোগে নতুন দিল্লীৰ লুধি ৰোডত থকা এন এছ চি এনৰ অস্থায়ী কাৰ্যালয়ত উপস্থিত হয় । নগা ছাত্র প্ৰতিনিধি দলটোৱে এন এছ চি এনৰ সৈতে নগা চূড়ান্ত চুক্তি স্বাক্ষৰ আৰু ভাৰত চৰকাৰৰ সৈতে হোৱা শান্তি আলোচনাৰ শেহতীয়া অগ্ৰগতিৰ সন্দৰ্ভত এক ৰুদ্ধদাৰ বৈঠকত মিলিত হয় ।

নাগা ষ্টুডেন্ট ফেডাৰেচনে জানিবলৈ দিয়ামতে এন এছ চি এন আই এমৰ সামূহিক নেতৃত্বৰ আমন্ত্ৰণক্ৰমে তেওঁলোকক এনেদৰে ততাতৈয়াকৈ নতুন দিল্লীত উপস্থিত হয় । জানিব পৰামতে সম্ভৱত চূড়ান্ত নগা চুক্তিৰ দিন চমু চাপি অহাৰ বাবেই ভাৰত চৰকাৰৰ সৈতে হোৱা আলোচনাৰ শেহতীয়া অগ্ৰগতিৰ সম্পৰ্কে অৱগত কৰিব বাবে আৰু পৰৱৰ্তী পদক্ষেপ গ্ৰহণ বাবে নাগালেণ্ডৰ দুয়োটা শীৰ্ষ সংগঠনে এনেদৰে মিলিত হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে । আমাৰ হাতত পৰা তথ্য অনুসৰি ভাৰত চৰকাৰে এন এছ চি এনে দাবী কৰা সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়টো সমাধান বাবে বিকল্প সন্ধান অব্যাহত ৰাখিছে ।