উত্তৰ-পূব

নাহৰফুটুকীৰ সৈতে যুঁজ নগা যুৱকৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, মৰিয়নিঃ নাগালেণ্ডৰ এজন যুৱকে এটা নাহৰফুটুকী বাঘৰ সৈতে জংঘলত অকলে যুদ্ধ কৰি বাঘটোক নিধন কৰে। বন্দুক নোহোৱাকৈ যুৱকজনে এঘণ্টা সময় ধৰি যুঁজ কৰি নাহৰফুটুকী বাঘটোক নিধন কৰে।ঘটনাটো সংঘটিত হৈছে নাগালেণ্ডৰ মোককচাং জিলাৰ লুংচা বস্তীত।বাঘটোক নিধন কৰি পিচত কান্ধত ভাৰ কৰি একাংশ নগালোকে বস্তীলৈ লৈ যায় মৃত বাঘটোক।ইফালে বাঘৰ সৈতে যুদ্ধ কৰা যুৱকজন বাঘটোৰ প্ৰত্যাক্ৰমনত গুৰুতৰভাবে আহত হয়।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নাগালেণ্ডৰ মোককচাং জিলাৰ লুংচা বস্তীত।বাঘটোক নিধন কৰি পিচত কান্ধত ভাৰ কৰি একাংশ নগালোকে বস্তীলৈ লৈ যায় মৃত বাঘটোক। ইফালে বাঘৰ সৈতে যুদ্ধ কৰা যুৱকজন বাঘটোৰ প্ৰত্যাক্ৰমণত গুৰুতৰভাৱে আহত হয়।