উত্তৰ-পূব

কেনে আছে মণিপুৰত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা যুৱতী, অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক কি ক’লে ৰাজ্যখনৰ স্বাস্থ্য বিষয়াই…

asomiyapratidin

ডিজিটেল ডেস্ক মণিপুৰত কোৰোনা ভাইৰাছত আক্ৰান্ত লণ্ডনত চিকিৎসা বিজ্ঞান অধ্যয়নৰত যুৱতীগৰাকীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কে মণিপুৰ স্বাস্থ্য বিভাগৰ এক উচ্চপদস্থ বিষয়াৰ সৈতে এই সন্দৰ্ভত কথা পাতোতে এই কথা জনালে বিষয়াগৰাকীয়ে।

বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে, এই ছাত্ৰীগৰাকীৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাতো নিশ্চিত হৈছে আৰু তেওঁৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে। বুধবাৰে তেওঁলোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি আছে নে নাই এই সন্দৰ্ভত স্বাস্থ্য পৰীক্ষা সম্পূৰ্ণ কৰা হ'ব।

একাংশ সংবাদমাধ্যমে এই যুৱতীগৰাকীৰ সংস্পৰ্শলৈ অহা ১১জন লোকৰ নমুনা পুনেৰ এক লেবৰেটৰীলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি ইতিমধ্যে খবৰ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত বিষয়াগৰাকীয়ে অজ্ঞতা প্ৰকাশ কৰি মণিপুৰৰ পৰা তেনে কোনো ছেম্পল বা ১১গৰাকী লোকৰ কোৰোনা ভাইৰাছৰ পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰাৰ কথা অস্বীকাৰ কৰে।

স্বাস্থ্য বিভাগৰ এই উচ্চপদস্থ বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে, ছাত্ৰী গৰাকীৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতেই তেওঁক মঙলবাৰে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। সেয়েহে তেওঁৰ পৰিয়ালৰ লোক তথা সংস্পৰ্শলৈ অহা মণিপুৰৰ লোকসকলৰ সন্দৰ্ভত বিস্তৃত তথ্য সংগ্ৰহ কৰা হৈছে।

মন কৰিব লগা যে লণ্ডনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰি থকা এই ছাত্ৰীগৰাকী আগৰতলা হৈ মণিপুৰলৈ উভতিছিল। সেই সময়ত তেওঁ যি সকল লোকৰ সংস্পৰ্শলৈ আহিছিল তেনে কোনো তথ্য সংগ্ৰহ কৰা হৈছে নেকি বুলি জানিবলৈ বিচৰাত বিষয়াগৰাকীয়ে কয়- সেই সন্দৰ্ভত আমি অনুসন্ধান অব্যাহত ৰাখিছো। আমাৰ ৰাজ্যত সংস্পৰ্শলৈ অহা লোকসকলৰ বিষয়হে আপোনাক বিস্তৃত তথ্য জনাব পাৰিম।

বিষয়াগৰাকীয়ে এই যুৱতীগৰাকীৰ পৰা পৰিয়ালৰ লোকৰ দেহলৈ কোৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ সম্ভাৱনা নুই নকৰিলে। বুধবাৰে পৰীক্ষা কৰাৰ পাছতহে সেই কথা স্পষ্ট কৰা হ'ব বুলি তেওঁ সদৰী কৰে। ইতিমধ্যে মণিপুৰ চৰকাৰে কেইবাটাও হেল্পলাইন মুকলি কৰি দিছে।

বিদেশ বা ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকলে এই নম্বৰসমূহত যোগাযোগ কৰি কাৰোবাৰ সন্দেহ থাকিলে স্বাস্থ্য বিভাগক জনাব পাৰিব বুলিও অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক জনালে। মণিপুৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ কে ৰাজু সিঙে এই সন্দৰ্ভত জনসচেতনতা সৃষ্টিৰ বাবে মণিপুৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে।