উত্তৰ-পূব

অৰুণাচলবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ গৈ মোডীৰ ইটানগৰ ভ্ৰমণঃ প্ৰতিবাদ-ক’লা পতাকাৰে সম্ভাষণ

asomiyapratidin

ডিজিটেল সংবাদ, ইটানগৰঃ দহ বছৰৰ প্ৰতীক্ষাৰ অন্তত শনিবাৰে অৰুণাচলবাসীৰ মুখত হাঁহি বিৰিঙাই ইটানগৰৰ গ্ৰীণফিল্ড এয়াৰ প'ৰ্টৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বিগত দহ বছৰ ধৰি অৰুণাচল প্ৰদেশত এটা পূৰ্ণ পৰ্যায়ৰ অসামৰিক বিমানবন্দৰ স্থাপনৰ বাবে প্ৰয়াস চলি আছিল। দহ বছৰ পূৰ্বে বান্দৰদোৱাত বিমান বন্দৰ স্থাপনৰ বাবে আধাৰশিলাও স্থাপন কৰা হৈছিল যদিও পাছত সেই স্থান বিমান বন্দৰ স্থাপনৰ বাবে অনুপযুক্ত বুলি বিমান বন্দৰ প্ৰাধিকাৰীয়ে প্ৰতিবেদন দিয়াত নতুন স্থানৰ সন্ধান কৰিব লগাত পৰিছিল অৰুণাচল প্ৰদেশ চৰকাৰ।

অৱশেষত গহপুৰৰ সমীপৰ হলোংগীত এই বিমান বন্দৰটোৰ বাবে স্থান নিৰ্বাচিত কৰা হৈছিল আৰু শনিবাৰে আনুষ্ঠানিকভাবে আধাৰশিলা স্থাপন কৰা হয়। ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত আয়োজন কৰা এক বিশল ৰাজহুৱা সভাত প্ৰধান মন্ত্ৰী মোডীয়ে ১০৪৩ কোটী টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এই পুৰ্ণাংগ বিমান বন্দৰটোৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধান মন্ত্ৰীয়ে ইযাৰ উপৰিও আন কেইটামান প্ৰকল্প শুভাৰম্ভ কৰে। সামৰিক বাহিনীৰ বাবে আজিৰ পৰা ৫ূ০ বছৰৰ পূৰ্বেই নিৰ্মাণ কৰা লোহিত জিলাৰ তেজুত থকা বিমান বন্দৰটো অসামৰিক বিমান উৰণ কৰিব পৰাকৈ উন্নীত কৰি নতুনকৈ উন্মোচন কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

১৫০ কোটী টকা ব্যয় সপেক্ষে তেজু বিমান বন্দৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছে। একেদৰে পাপুম পাৰে জিলাৰ দৈমুখত নীপকোৱে নিৰ্মাণ কৰা ১০০ মেগাৱাট ক্ষমতা সম্পন্ন পাৰে জলবিদ্যুত প্ৰকল্পটোৰো শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে। অৰুণাচল প্ৰদেশৰ বাবে নিৰ্মাণ কৰা দুৰদৰ্শনৰ ২৬ সংখ্যক টি ভি ছেনেল অৰুণ প্ৰভাৰো শুভ উদ্ধোধন কৰে মোডীয়ে। আনহাতে অৰুণাচল প্ৰদেশত স্থাপন কৰিবলৈ লোৱা ৰাষ্ট্ৰীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট, পঞ্চাছটা স্বাস্থ্য কেন্দ্ৰ, ৩১ টা বিদ্যুত উ্তপাদন উপ কেন্দ্ৰ, ৱেষ্ট কামেং জিলাৰ ছেলা পাছৰ তলেৰে নিৰ্মাণ হ'ব লগা ২০০ কোটী টকা ব্যয় সাপেক্ষ দুটাকৈ পথ সুৰংগ আৰু পথ নিৰ্মাণৰ কামৰো আধাৰশিলা স্থাপন কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

পুৱা ১০ বজাত হেলিকপ্টাৰেৰে লক্ষীমপুৰৰ লীলাবাৰীৰ পৰা ৰাজভৱন হেলিপেডত আহি উপস্থিত হোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ প্ৰসংগত অৰুণাচল প্ৰদেশক দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয় যে, ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ আৰু নদী সমূহৰ সঠিক ব্যৱহাৰে ৰাজ্যখনৰ অৰ্থনীতিৰ লগতে দেশৰ ভবিষ্যত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুক ভূয়সী প্ৰশংসা কৰি মোডীয়ে কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হাতত পূঁজিৰ কোনো অভাব নাই।

আজি স্থাপন কৰা আধাৰশিলাৰ প্ৰকল্পসমূহও তেৱেই উদ্ধোধন কৰিব বুলি মন্তব্য কৰি মোডীয়ে আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপিয়েই জয়ী হ'ব আৰু তেৱেই প্ৰধান মন্ত্ৰী হ'ব বুলি স্পষ্ট ইংগিত দিয়ে। উল্লেখ্য যে আশা কৰা ধৰণে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰুণাচল প্ৰদেশৰ বাবে কোনো বিশেষ আচঁনীৰ ঘোষণা নকৰিলে যদিও অৰুণাচল প্ৰদেশক লৈ যে তেওঁ বহুত চিন্তিত সেই কথাকে বুজাই গ'ল।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইটানগৰ ভ্ৰমণক কেন্দ্ৰ কৰি অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা কৰে আৰক্ষী প্ৰশাসনে। সাধাৰণতে আৰক্ষী প্ৰশাসনেই মোডীৰ নিৰাপত্তাৰ দায়িত্ব লয় যদিও শনিবাৰে ইটানগৰত সেনা বাহিনীও নিয়োগ কৰা হৈছিল। নৰেন্দ্ৰ মোডী হেলিপেডৰ পৰা সভাস্থানলৈ অহাৰ বাটছোৱাত কোনো লোককে জুম বান্ধি ৰৈ থাকিবলৈ দিয়া হোৱা নাছিল।

সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা আৰু নেছ'ৱে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ কালত প্ৰতিবাদী কাৰ্যসূচr গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল বাবেই প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। ততসত্বেও সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই ৰাজীব গান্ধী বিশ্ববিদ্যালয়ত মোডীৰ ইটানগৰ ভ্ৰমণৰ বিৰোধীতা কৰি মোডীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে ক'লা পতাকা লৈ বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদী সমদল উলিয়াই।

ইটানগৰতে থকা হিমালয়ান বিশ্ববিদ্যালয় নেৰিষ্টতো নেছ'ৰ উদ্যোগত প্ৰতিবাদী সভাৰ আয়োজন কৰে। আনহাতে অৰুণাচল প্ৰদেশ কংগ্ৰেছেও মোডীৰ ইটানগৰ ভ্ৰমণৰ বিৰোধীতা কৰি ইটানগৰত সমদল উলিয়াবলৈ চেষ্টা কৰিছিল যদিও প্ৰশাসনে অনুমতি নিদিয়াত ৰাজ্যিক কাৰ্যালয়তে ক'লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদৰ সময়ত কংগ্ৰেছ সমৰ্থক আৰু আৰক্ষীৰ মাজত হতাহতিও হয়। উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ছাত্ৰ সংগঠন আৰু কংগ্ৰেছ তথা পিপিএ দলে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু সেই প্ৰতিবাদৰ অংশ স্বৰূপেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইটানগৰ ভ্ৰমণৰ বিৰোধীতা কৰে দল-সংগঠনসমূহে।