উত্তৰ-পূব

মণিপুৰৰ অশান্তিৰ জুই বিয়পিছে মেঘালয়লৈ, গ্ৰেপ্তাৰ ১৬ জনক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তপ্ত হৈয়ে আছে চুবুৰীয়া ৰাজ্য মণিপুৰ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈ পৰিছে ৰাজ্যখনৰ চৰকাৰ তথা প্ৰশাসন বিভাগ । বৃহস্পতিবাৰে প্ৰতিবাদকাৰীক দেখিলেই গুলিয়াই দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যখনৰ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে ।

প্ৰতিবাদকাৰীক দেখিলেই গুলিয়াৰ দৰে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো কিন্তু ৰাজ্যখনৰ অস্থিৰতাই সাঙুৰি লৈছে কাষৰীয়া ৰাজ্যক ।

দুটা ফৈদৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত ৰাজ্য খনত সুস্থিৰ পৰিৱেশ বৰ্তমানেও ঘূৰি অহা নাই । এই লৈ সকলোৱে উদ্বিগ্ন হৈ থকাৰ সময়তে বৃহস্পতিবাৰৰ সন্ধিয়া দুটা গোষ্ঠীৰ মাজত মেঘালয়ৰ শ্বিলঙত সংঘটিত হয় গোষ্ঠী সংঘৰ্ষ । মেঘালয়ৰ ১৬ জনকৈ লোকক চিআৰ পিচিৰ ১০৭ ধাৰাৰ অধিনত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

পৰিস্থিতিত অধিক উত্তপ্ত হৈ পৰা লগে লগেই মণিপুৰত ভাৰতীয় সেনাৰ লগতে অসম ৰাইফলছকো নিয়োগ কৰা হৈছে ।

এতিমধ্যেই ৰাজ্যখমত জাৰি কৰা হৈছে ১৪৪ ধাৰা, কাৰ্ফিউকে ধরি সান্ধ্য আইন । কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা ।

ৰাজ্যখনৰ এনে অশান্তিকৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মণিপুৰ উচ্চ পদস্থ বিষয়াৰ সৈতে বিষয়টোক লৈ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’য় ।

উল্লেখ্য যে ৰাজ্যখনৰ মেইটেই জাতিয়ে তেওঁলোকক অনুসূচীত জনজাতি (এঠ টি) মৰ্যদা প্ৰদানৰ বিৰু্‌দ্ধে বুধবাৰে এক প্ৰতিবাদ সাব্যস্ত হৈছিল । এই প্ৰতিবাদৰ মাজতে দুটা ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘৰ্ষৰ ।

তেতিয়াৰে পৰা অস্থিৰ হৈ আছে মণিপুৰ । বিষয়টো সন্দৰ্ভত মনিপুৰ উচ্চ ন্যায়ালয়ে চৰকাৰক বিবেচনা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ।