উত্তৰ-পূব

৩ জাঁই গুলী ফুটাই নৱবৰ্ষক আদৰণি মন্ত্ৰী পুত্ৰৰ, সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত…

asomiyapratidin

ডিজিটেল ডেস্কঃ নতুন বছৰ মানেই আশা আৰু ইপ্সিত সম্ভাৱনাৰ বছৰ। মানুহে পৰম আগ্ৰহেৰে ৰৈ থাকে নতুন বছৰ একোটালৈ।২০২০ ৰ সমগ্ৰ বিশ্বই পাৰ কৰা দুৰ্যোগ আৰু দুৰ্ভাৱনাৰ সময়ৰ পিছত ২০২১ বৰ্ষটি ভাল দৰে পাৰ কৰিবলৈ বহুতে মন্দিৰ দৰ্শন কৰিছে অথবা পৰিয়ালৰ লগত এসাঁজ একেলগে খাই প্ৰত্যাশিত দিনবোৰ উদযাপন হোৱাৰ কামনা কৰে।

মহানগৰীৰ লগতে সমগ্ৰে অসম তথা ভাৰততে নতুন বৰ্ষটিত ভৰি দিয়া সময়খিনিতে কোনোৱে আতচবাজীৰে কোনোৱে এগচি চাকিৰে নতুন বছৰটিক আদৰণি জনাইছে।

কিন্তু মণিপুৰণত দেখা গল সম্পূৰ্ণ আচৰ্যকৰ এখন ছবি। মণিপুৰৰ টাদুবি সমষ্টিৰ বিধায়ক তথা মণিপুৰ চৰকাৰৰ এগৰাকী মন্ত্ৰী এন কাইছিৰ পুত্ৰই ৩১ ডিচেম্বৰ নিশা নৱবৰ্ষৰক একে ৪৭ ৰাইফলছে আদৰণি জনোৱা ভিডিঅ সমাজিক মাধ্যম ভাইৰেল হৈছে। তিনিজাঁই গুলি ফুটাই নৱবৰ্ষক আদৰণি জনোৱা মন্ত্ৰীজনৰ পুত্ৰৰ এনে কাৰ্যত এতিয়া সৰ্বত্ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।