উত্তৰ-পূব

নগাসকল নিজেই নিজৰ গৰাকী, নাগালিমৰ বাবে ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লোৱাৰ কোনো আৱশ্যক নাইঃ থুইংগালেং মুইভা

asomiyapratidin

ডিজিটেল সংবাদ, ৱাখাঃ আমি আমাৰ গৰাকী হবলৈ , ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লোৱাৰ কোনো আৱশ্যক নাই । কাৰণ আমি নিজেই নিজৰ গৰাকী । সেয়ে সমস্যা আমাৰ লগত নাই কিন্তু সমস্যা তেওঁলোকৰ (কেন্দ্ৰ )নিজৰ লগত । এই বিস্ফোৰক মন্তব্য নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ মুৰব্বী থুইংগালেং মুইভাৰ । মঙলবাৰে ডিমাপুৰৰ কেম্প হেব্ৰুনত সংবাদ মাধ্যমক দিয়া একে বিশেষ সাক্ষাৎকাৰত ৮৫ বছৰীয়া নাগালেণ্ডৰ আটাইতকৈ প্ৰভাৱশালী বিদ্ৰোহী নেতাগৰাকীয়ে কয়- আমাৰ অতুলনীয় ইতিহাস আৰু অধিকাৰক উচিত সন্মান জনোৱা হোৱা নাই । ইয়াৰ বাবে মূলতঃ তেওঁলোকেই জগৰীয়া । নিজৰ সাহসী বক্তব্য প্ৰদান কৰি থুইংগালেং মুইভাই কয়- নগাসকলে স্বাধীনতাৰ বাবে বিগত ২২ বছৰ ধৰি ভাৰত চৰকাৰৰ সৈতে যুদ্ধ বিৰতি পালন কৰি শান্তি আলোচনা অব্যাহত ৰাখিছে অথচ চূড়ান্ত সমাধান লেহেমীয়া হৈছে ।

আনহাতে সম্প্ৰতি কেন্দ্ৰৰ বিজেপিৰ চৰকাৰে এখন দেশত দুখন পতাকা আৰু দুখন সংবিধান থাকিব নোৱাৰে বুলি যি স্থিতি গ্ৰহণ কৰিছে সেই সন্দৰ্ভত এন এছ চি এনৰ মুৰব্বী গৰাকীয়ে কয় যে আমাৰ লগত নিজৰ সংবিধান আৰু পতাকা থকাটো আমাৰ অধিকাৰ আছে । নগাসকলৰ নিজৰ সংবিধান আৰু পতাকা ৰাখিবলৈ ভাৰত চৰকাৰৰ পৰা কোনো দাবী কৰিব নালাগে , কাৰণ আমি নিজেই নিজৰ মালিক । তেওঁ আক্ষেপৰে কয় যে বিগত ২২ বছৰ ধৰি চলা শান্তি আলোচনাত পৃথক পতাকা আৰু সংবিধানৰ বিষয়টো বাদ দি আলোচনা কৰা হৈছে কিয় ? কিয়নো নগাসকলৰ মুখ্য দাবীটোৱে হৈছে পৃথক পতাকা আৰু সংবিধান। গতিকে আমি আমাৰ নগাসকলৰ স্থিতিৰ আধাৰত নিজৰ সংবিধান আৰু পতাকা বাবে দাবী কৰিছো । নগাসকলৰ সাৰ্বভৌমত্ব নগাসকলৰ অন্তৰ্গত । আমি কোনোদিনে ভাৰতৰ অধীনত নাছিলো আৰু আমাৰ মাজত কাৰো সাৰ্বভৌমত্ব নাই । সেয়ে আমি নিজৰ সংবিধান আৰু পতাকা ৰখাটো আমাৰ অধিকাৰ আছে । এই ক্ষেত্ৰত আমি ভাৰতৰ পৰা অনুমতি লোৱা আৱশ্যক নাই । আমাৰ সাৰ্বভৌমত্ব অধিকাৰৰ আধাৰত আমি যিকোনো সিদ্ধান্ত ল'ব পাৰো। সুকীয়া সংবিধান আৰু পতাকা জৰিয়তে আমাৰ পৰিচয় পাব পাৰে ।

নগা চূড়ান্ত চুক্তি স্বাক্ষৰ বিলম্ব হোৱাৰ সন্দৰ্ভত মুইভাই কয়- ২০১৫ চনত নগাসকলৰ অতুলনীয় আৰু অদ্বিতীয় ইতিহাসৰ আধাৰত যি ফ্ৰেমৰ্ৱক চুক্তি স্বাক্ষৰ কৰা হৈছিল সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নগাসকলক এই বুলি প্ৰতিশ্ৰুতি দিছিল যে নগা ৰাজনৈতিক সমস্যাৰ চূড়ান্ত চুক্তি মাত্ৰ ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হব । কিন্তু এই প্ৰতিশ্ৰুতিয়ে তিনি বছৰ অতিক্ৰম কৰিলে । নগা সমস্যাৰ সমাধান ক্ষেত্ৰত নগাসকলৰ তৰফৰ পৰা কোনো সমস্যা নাই। কাৰণ যিটো আমাৰ নাছিল সেয়া আমি ভাৰতৰ পৰা কোনো দিন দাবী কৰা নাই। আমি নগাসকল ইতিপূৰ্বে স্বাধীন আছিলো। সেয়ে সমস্যা আমাৰ সৈতে নাই । সমস্যা আপোনালোকৰ নিজৰ লগতহে আছে। যদি আপোনালোকে আমাৰ ন্যায্যাধিকাৰ আৰু অতুলনীয় ইতিহাসক সন্মান প্ৰদৰ্শন নকৰে তাৰ বাবে আপোনালোক নিজেই নিজৰ বাবে জবাবদিহি হ'ব। আমি আমাৰ ফালৰ পৰা আপোনালোকৰ ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধানক সদায়ে সন্মান প্ৰদৰ্শন কৰি আহিছো। শান্তিপূৰ্ণ সহাৱস্থান বাবে ভাৰত আৰু নাগালিমে পৃথ সংস্থা হিচাপে নিজকে চিনি পাব লাগিব। । যদি ভাৰত চৰকাৰে আমাৰ সংবিধান আৰু পতাকা সন্মান কৰে তেতিয়া নিশ্চয় দীৰ্ঘদিনীয়া এই ইণ্ডো – নাগা ৰাজনৈতিক সমস্যা নিৰাময় হ'ব । সেয়ে নগা সমস্যা আমাৰ লগত নাই এই সমস্যা ভাৰত নিজৰ লগত আছে ।

বিদ্ৰোহী নেতাগৰাকী শেষত এই কথা স্পষ্ট কৰিছে যে নগা চুক্তি ইতিবাচক হলে আমি ভাৰতীয় সংবিধান আৰু পতাকা সন্মান কৰিম কিন্তু সেই বুলি আমাৰ ওপৰত জাপি দিয়া উচিত নহয়। তেওঁ ভাৰত সতৰ্ক কৰি দি কয় বৰ্তমানৰ স্বাক্ষৰ কৰিবলৈ গৈ থকা নগা চূড়ান্ত চুক্তি ১৯৭৫ চনৰ শ্বিলং চুক্তি দৰে হলে কিন্তু পুনৰ ৰক্তপাত আৰু হিংসা এৰাই চলাৰ কোনো বিকল্প পথ নাথাকিব । আনহাতে নগাসকলৰ হাতত এটা বিকল্প থাকিব শেষ পৰ্যন্ত নিজৰ অধিকাৰৰ ক্ষেত্ৰত দৃঢ় হৈ থকাটো । সম্প্ৰতি ভাৰত চৰকাৰে যদি নগাসকলৰ অধিকাৰ সন্মান নজনাই কেৱল হেঁচা দিয়াৰ চেষ্টা কৰে সেয়া অত্যন্ত দুখজনক বিষয় হ'ব । মুইভাই আৰু কয় যে আমি আমাৰ ইতিহাস তেওঁলোকৰ আত্মসমৰ্পণ কৰিব নিবিচাৰো, কাৰণ আমাৰ যি আছে সেয়া আমাৰ । উল্লেখযোগ্য অহা অক্টোবৰ মাহত নতুন দিল্লীত হব লগা নাগা শান্তি আলোচনাৰ প্ৰাকমূহৰ্তত এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভাৰ দৃঢ় মন্তব্যৰ পিচত ভাৰতৰ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষনীয় হ'ব ।