উত্তৰ-পূব

কোহিমাত নেইফিউ ৰিঅ’ৰ কেবিনেটৰ জৰুৰী বৈঠক…

asomiyapratidin

ডিজিটেল সংবাদ, ৱাখাঃ সমগ্ৰ বিশ্বজুৰি নোবোল কোৰোণা ভাইৰাছে ভয়াৱহ মহামাৰী ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ড চৰকাৰে সোমবাৰে উচ্চ সতৰ্ক অৱলম্বন কৰি ৰাজধানী কোহিমাত এক জৰুৰী বৈঠক অনুষ্ঠিত কৰে।

বৈঠকত ১৮ মাৰ্চৰ পৰা অহা ১৪ এপ্ৰিললৈকে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে । অৱশ্যে নাগালেণ্ড চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰা মতে ৰাজ্যত এতিয়ালৈকে এজনো নোবোল কোৰাণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহা নাই ।

অৱশ্যে দেশ বিদেশৰ পৰা অহা ৩৩ জন লোকক আছুতীয়া কক্ষত ৰাখি নিৰীক্ষণ কৰি থকা হৈছে । ইফালে, চীনৰ পৰা মণিপুৰৰ মোৰে টাউন হৈ ডিমাপুৰলৈ চীনা সাজ পোছাক আৰু কম্বলৰ জৰিয়তে মৰাত্মক কোৰণা ভাইৰাছ সংক্ৰমণ হোৱাৰ শংকা কৰি সোমবাৰে সমগ্ৰ নাগালেণ্ডত চীনা কম্বল বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰিছে।