উত্তৰ-পূব

মণিপুৰত বিদ্ৰোহী সংগঠনৰ নেতাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

asomiyapratidin

ডিজিটেল সংবাদ, ইম্ফলঃ দেশত ক্ৰমাৎ বৃদ্ধি পোৱা বিচ্ছিনতাবাদী কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত এক উল্লেখনীয় সফলতা লাভ কৰিছে দিল্লী আৰক্ষীয়ে।

শুকুৰবাৰে দিল্লী আৰক্ষীৰ এটা দলে মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ পৰা কাংলেইপাক কমিউনিষ্ট পাৰ্টী-পিপ'লছ ৱাৰ গ্ৰুপ নামৰ বাওপন্থী চিন্তাধাৰাৰ নিষিদ্ধ ঘোষিত সংগঠনটোৰ এজন সদস্যক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়।

বিষ্ণুপুৰ জিলাৰ বিষ্ণুপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নিজ এটি অঞ্চলৰ নিজ বাসগৃহৰ পৰা মণিপুৰ আৰক্ষীৰ সহায়ত দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ দল এটাই কৰায়ত্ত কৰিবলৈ সমৰ্থ হোৱা কেচিপি-পিডব্লিউজি সংগঠনটোৰ সদস্যজন হৈছে মৈৰাংথেম ৰাণাপ্ৰতাপ ওৰফে লেনিন ওৰফে পাইখোম্বা।

উল্লেখ্য যে কিছুদিন পূৰ্বে দিল্লীত নিষিদ্ধ ঘোষিত সংগঠনটোৰ এজন জ্যেষ্ঠ সদস্য খৈৰাংবা খুমানকো দিল্লীত কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছিল দিল্লী আৰক্ষী। সংগঠনটোৱে চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ দিশে আগবাঢ়িছে যদিও সমান্তৰালভাৱে চৰকাৰ বিৰোধী কাম-কাজত লিপ্ত থকাৰ অভিযোগতে এই অভিযান চলাইছে দিল্লী আৰক্ষীয়ে।

ইতিমধ্যে সদস্যজনক মণিপুৰৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছে বুলি জনাইছে আৰক্ষীয়ে। দিল্লীত আদালতত হাজিৰ কৰোৱা হ'ব ধৃত সদস্যজনক।