উত্তৰ-পূব

আই এছ এলঃ কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে খেলপথাৰত নামিব নৰ্থ ইষ্ট ইউনাইটেড…

asomiyapratidin

ডিজিটেল ডেস্কঃ গোৱাৰ জিএমচি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ইণ্ডিয়ান ছুপাৰ লীগৰ বৃহস্পতিবাৰ মেচ। এই খেলখনত কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে খেলপথাৰত নামিব নৰ্থ-ইষ্ট ইউনাইটেড। নৰ্থ-ইষ্ট ইউনাইটেডৰ প্রসিক্ষক জেৰাৰ্ড নাছে জানিব দিয়ে যে, খেলপথাৰত জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে আজি নামিব আমাৰ দল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বৰ মেচখনত নৰ্থ ইষ্ট ইউনাইটেডে শক্তিশালী মুম্বাই চিটি এফ চিক কৰিছিল পৰাস্ত। ইফালে, দুয়োটা দলৰ পৰিসংখ্যাৰ দিশৰ পৰাও কেৰালা ব্লাষ্টাৰ্ছৰ তুলনাত যথেষ্ট সন্তোষজনক স্থিতিত আছে নৰ্থ-ইষ্ট ইউনাইটেড। সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব এই ৰোমাঞ্চকৰ মেচখন।