উত্তৰ-পূব

চিবিআইৰ প্ৰাক্তন নিৰ্দেশক তথা নাগালেণ্ডৰ প্ৰাক্তন ৰাজ্যপাল অশ্বিনী কুমাৰৰ আত্মহত্যা…

asomiyapratidin

ডিজিটেল ডেস্ক : নগালেণ্ডৰ প্ৰাক্তন ৰাজ্যপাল অশ্বিনী কুমাৰৰ আত্মহত্যা। চিবিআইৰ প্ৰাক্তন নিৰ্দেশক আছিল অশ্বিনী কুমাৰ।শিমলাস্থিত নিজ বাস গৃহত ছীপ লৈ আত্মহত্যা কৰে কুমাৰে। ইতিমধ্যে আৰক্ষীয়ে এই আত্মহত্যা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, তেওঁৰ দেহটো শিমলাৰ ব্ৰেক হষ্টত থকা বাসগৃহত ওলমি থকা দেখা গৈছিল। পূৰ্বৰ আই পি এছ বিষয়াজনে কিয় কাৰনত চৰম পন্থা বাচি ল'লে সেয়া ইতিমধ্যে জানিব পৰা হোৱা নাই।শিমলাৰ এছ পি মোহিত চাওলাৰ নেতৃত্বত আৰক্ষীৰ দলটো সেই স্থানত উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।