উত্তৰ-পূব

হ’ব নেকি মেঘালয়ৰ মন্ত্ৰীসভাৰ সালসলনি…

asomiyapratidin

ডিজিটেল ডেস্কঃ মেঘালয়ৰ শাসনত থকা এমডিএ-পিপিইৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ যি অভিযোগ বিজেপিয়ে উত্থাপন কৰিছে, সেই অভিযোগ যদি সঁচা প্ৰমাণিত হয় তেন্তে কনৰাড ছাংমা চৰকাৰৰ বাবে ই এক ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব। ভ্ৰষ্টাচাৰৰ উপৰিও মন্ত্ৰীসভাৰ সালসলনিৰ বাবে দাবী কৰা হৈছে। এই দাবী এমডিএ চৰকাৰে আঢ়ৈ বছৰ কাৰ্যকাল সম্পন্ন কৰাৰ ওপৰত ভত্তি কৰি কৰা হৈছে।

ইফালে, এই সময়চোৱাত বিজেপি বিধায়ক এ এল হেক আৰু সানবোৰ ছুল্লাইয়ে এই মন্ত্ৰীসভাৰ ৰদবদলৰ সন্দৰ্ভত দলটোৰ কেন্দ্ৰীয় নেতৃত্বই নিৰ্দেশ দিব বুলি অপেক্ষা কৰি আছে আৰু হেকে লগতে কয় যে, ৰাইজ আৰু দলে আঢ়ৈ বছৰত তেওঁ কি কি কাম কৰিছে সেয়া নিৰ্ণয় কৰিব।

এমডিএ চৰকাৰে আঢ়ৈ বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ লগতে মন্ত্ৰীসভাৰ সালসলনিত হেকৰ স্থানত ছুল্লাইৰ নাম সলনি কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত মন্ত্ৰীসভাৰ সালসলনি কৰা হৈছিল। এই সময়ত মুখ্যমন্ত্ৰী কনৰাড ছাংমাই তেওঁৰ ভাতৃ জেমছ কে ছাংমাক ৰাজ্যখনৰ গৃহ মন্ত্ৰী পদৰ পৰা আঁতৰাই দিছিল। কিয়নো তেওঁক লৈ আনবোৰ সতীৰ্থ মন্ত্ৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল।