মেৰাপানী ফুটহিলছত ড্ৰাগছসহ দুজন গ্ৰেপ্তাৰ...
মেৰাপানী ফুটহিলছত ড্ৰাগছসহ দুজন গ্ৰেপ্তাৰ... 
উত্তৰ-পূব

মেৰাপানী ফুটহিলছত ড্ৰাগছসহ দুজন গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ৱাখাঃ এক গোপন সূত্ৰৰ ভিত্তিত ৱাখা আৰক্ষীৰ এণ্টি নাৰ্কটিকছ টাস্ক ফ’ৰ্চে ভাণ্ডাৰী থানাৰ অন্তৰ্গত মেৰাপানী ফঙট হিলছত বিশেষ তালাচী চলাই এ এছ-০৫আৰ-৮৭৭২ নম্বৰৰ এখন মেষ্ট্ৰ’ স্কুটিৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ড্ৰাগছখিনি অসমৰ লুকেট গুৰুং আৰু পাপু কাকতি নামৰ দুজন বেপাৰীয়ে গোপনে কঢ়িয়াই লৈ গৈছিল ।

তেওঁলোকৰ হেণ্ডবেগটো পৰীক্ষা কৰাৰ সময়ত ৭ টা ক’লা প্লাষ্টিকৰ বেগত লুকুৱাই থোৱা অৱস্থাত স্পাচমো প্ৰক্সিভনৰ ৪,৩০০ টা কেপচুল জব্দ কৰে । লগে লগে অবৈধ ড্ৰাগছৰ সৈতে ব্যক্তিক দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।