মেঘালয়ৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীকে ধৰি ৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজু...
মেঘালয়ৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীকে ধৰি ৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজু...  
উত্তৰ-পূব

মেঘালয়ৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীকে ধৰি ৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমাগত মেঘালয় বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে গৰম হৈ পৰিছে মেঘালয়ৰ ৰাজনীতি। তাৰ মাজতে মেঘালয়ৰ মুখ্যমন্ত্ৰীকে ধৰি মুঠ ৩ জনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

যান-বাহন আইন উলংঘন কৰাৰ অভিযোগত এই তিনি ৰাজনৈতিক নেতাৰ বিৰুদ্ধে দাখিল কৰা হৈছে গোচৰ। প্ৰকাশিত খবৰ অনুসৰি যোৱা ৬ ফেব্ৰুৱাৰীত মেঘালয়ৰ এইছ আই টি অ'য়ে মুখ্যমন্ত্ৰী কনৰাড চাংমা, উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিংচঙ আৰু মন্ত্ৰী স্নিয়াৱভলাং ধৰৰ বিৰুদ্ধে দাখিল কৰিছে গোচৰ।

তেওঁলোকে তিনিওৱে এক নিৰ্বাচনী ৰেলী বাহিৰ কৰাৰ সময়ত ভংগ কৰিছিল যান-বাহন আইন। এইছ আই টি অ'য়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, ৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী কনৰাড চাংমা, উপ-মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীগৰাকীয়ে হেলমেট পৰিধান নকৰাকৈ বাইকৰ জৰিয়তে ৰেলী বাহিৰ কৰিছিল।

তেওঁলোকৰ মতে এন পি পিয়ে বাহিৰ কৰা এই ৰেলীৰ সময়ত চূড়ান্ত বিশৃংখলতাৰ সৃষ্টি হৈছিল। যাৰ বাবে সৰ্বসাধাৰণ ৰাইজে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ট্ৰেফিকত আৱদ্ধ হৈ আছিল।

সেয়ে তেওঁলোকে তিনি মন্ত্ৰীৰ বিৰুদ্ধে আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।