উত্তৰ-পূব

বিজেপিৰ বিধায়ক হোৱাটো আছিল পাপ ! মুণ্ডন কৰি দল ত্যাগ কৰি প্ৰায়শ্চিত্ত বিধায়কৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজেপিৰ হৈ সেৱা আগবঢ়োৱাটো আৰু বিজেপিৰ হৈ বিধায়ক নিৰ্বাচিত হৈ বিজেপিত থকাৰ বাবে অনুশোচনাত ভূগি দল ত্যাগ এজন বিধায়কৰ। কেৱল দল ত্যাগেই নহয় বিজেপিত থকা ৰাজহুৱাভাৱে মুণ্ডন কৰি বিজেপিৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে দীৰ্ঘকালৰ বিজেপি নেতায়। নিজৰ মুণ্ডন কৰি বিজেপিত থকাৰ পাপৰ প্ৰায়শ্চিত্ত কৰা এই বিধায়কজন ত্ৰিপুৰাৰ আশিস দাস।

কেইদিনমান পূৰ্বে বিজেপি ত্যাগ কৰি আশিস দাসে তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি প্ৰচাৰ চলিছিল।সেই প্ৰচাৰ সত্য পৰমাণ কৰি আশিষে পশ্চিমবংগৰ কালীঘাট কালী মন্দিৰত ৰাজহুৱাকৈ মুণ্ডন কৰি বিজেপি ত্যাগ কৰিলে। তেওঁ মমতা বেনাৰ্জীক বংগৰ মাতৃ, মাটি, মানুহৰ প্ৰকৃত নেতাবুলি উল্লেখ কৰি কয় যে, মমতা বেনাৰ্জী পৰৱৰ্তী সময়ত দেশৰ প্ৰাধনমন্ত্ৰী হ'লে প্ৰতিজন বঙালীৰ গৌৰৱৰ কাৰণ হ'ব।

ইয়াৰোপৰি তেওঁ কয় যে, বিজেপিত যোৱাটোৱেই আছিল তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। গেৰুৱা দলটোৰ হৈ সেৱা আগবঢ়োৱাটো তেওঁৰ জীৱনৰ অন্যতম ডাঙৰ ভুল বুলি গণ্য কৰিছে। সেয়ে তেওঁ মমতা বেনাৰ্জীৰ ঘৰৰ কাষৰে কালীঘাট কালী মন্দিৰত মুণ্ডন কৰি যজ্ঞ কৰি নিজকে শুদ্ধ কৰিছে।

ত্ৰিপুৰতা বৰ্তমান ৰাজনৈতিক অৰাজকতা আৰু বিশৃংখলতা বিৰাজ কৰাৰ কথা উল্লেখ কৰি আশীষে দাসে কয়, ত্ৰিপুৰাত ক্ষমতাৰ পৰা বিজেপিক আঁতৰ কৰাটোৱেই এতিয়া তেওঁৰ জীৱনৰ সংকল্প।