উত্তৰ-পূব

প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি অৰুণাচলত অব্যাহত প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ,ইটানগৰঃ শনিবাৰে দ্বিতীয় দিনাও অব্যাহত আছে অৰুণাচল প্ৰদেশত লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত বিক্ৰি কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। শুকুৰবাৰে মুখ্যমন্ত্ৰী পেমা খান্দুৱে নতুনকৈ নিয়োগ কৰা লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্যৰ শপত গ্ৰহণ বাতিল কৰিছিল আৰু প্ৰতিবাদকাৰীসকলক আলোচনাৰ বাবে আমন্ত্ৰন জনাইছিল।

কিন্তু প্ৰতিবাদৰ নেতৃত্বত থকা লোকসকলে মুখ্যমন্ত্ৰীৰ এই প্ৰস্তাব নাকচ কৰাত এক অচলাৱস্থআৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰীয়ে ২১ ফেব্ৰুৱাৰী পৰ্যন্ত বন্ধ কাৰ্যসূচী চলাই যোৱাৰ কথাও ঘোষণা কৰিছিল।

১৩ দফীয়া দাবী মানি নল'লে প্ৰতিবাদ চলি থাকিব। এই ১৩ টা দাবীৰ ভিতৰত অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ নিপ্প' নাবামক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে ২০১৭ চনৰ পৰা আয়োগে অনুষ্ঠিত কৰা সকলো পৰীক্ষা অবৈধ ঘোষণা কৰি সেই পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি কৰি থকা সকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী কৰিছিল।