উত্তৰ-পূব

অৰুণাচল প্ৰদেশত অপ্ৰতিৰুদ্ধ বিজেপি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনাই পাঁচোটাকৈ বিধান সভা সমষ্টি দখলৰ দিশে বিজেপি। মুখ্যমন্ত্ৰী পেমা খান্দুকে ধৰি পাঁচজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱাটো প্ৰায় নিশ্চিত হৈছে। ৬০ টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনটোত পাঁচটাকৈ সমষ্টিত মাত্ৰ এখনকৈহে মনোনয়নপত্ৰ দাখিল হয় আৰু আটাইকেইখন মনোনয়ন পত্ৰ বিজেপি প্ৰাৰ্থীৰ।

মুখ্যমন্ত্ৰী পেমা খান্দু মুক্তো সমষ্টিৰ পৰা, টালি সমষ্টিৰ পৰা জিকে টাকু , ৰয়িং সমষ্টিৰ পৰা মুছু মিথি, টালিহা সমষ্টিৰ পৰা ন্যাতুম ডকে আৰু ছাগালী বিধানসভা সমষ্টিৰ পৰা টেছি ৰ'ত'ৱেহে মনোনয়নপত্ৰ দখিল কৰে। বিজেপিৰ এইসকল প্ৰাৰ্থীৰ বিৰুদ্ধে বিৰোধী দলৰ পৰা কোনো প্ৰাৰ্থী থিয় নহ'ল।

বুধবাৰে ইটানগৰত মুখ্যমন্ত্ৰী পেমা খান্দু, অৰুণাচল প্ৰদেশৰ বিজেপি দলৰ পৰ্যবেক্ষক অসমৰ কেবিনেটে মন্ত্ৰী অশোক সিংঘাল, বিজেপিৰ জ্যেষ্ঠ নেতা বামাং ফেলিক্স, নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক টাৰ টাৰাক, মিডিয়া কোষৰ নিমা চাংগে আদিৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুস্থিত হয়।

অৰুণাচল প্ৰদেশত বিজেপিৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হোৱা প্ৰাৰ্থীৰ সংখ্যা ১০ জনলৈ বৃদ্ধি হোৱাৰ সম্ভৱনা আছে। অহা ৩০ এপ্ৰিলত মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আৰু সেইদিনাই বিজেপিৰ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হ'ব লগা তালিকাখন নিশ্চিত হ'ব।