উত্তৰ-পূব

অৰুণাচলত জব্দ ৩৪.৯ লাখ টকা

asomiyapratidin

ডিজিটেল সংবাদ, ইটানগৰঃ অহা ১১ এপ্ৰিলত অৰুণাচল প্ৰদেশত অনুষ্টিত হ'ব লগা লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে বিভিন্ন স্থানত ভ্ৰাম্যমান তালাচী তীব্ৰ কৰি তুলিছে৷ ৰাজধানী ইটানগৰ, আলং, পাকে কেচাং আদি ঠাইত বিগত পাঁচদিনত বিশেষ পৰ্যবেক্ষকৰ দলে ৩০ লাখৰো অধিক নগদ ধন জব্দ কৰিছিল৷

অৰুণাচল প্ৰদেশৰ লংডিঙত চলোৱা তালাচীত যোৱা নিশা পুনৰ জব্দ হয় বৃহৎ পৰিমানৰ নগদ ধন৷ আৰক্ষীৰ বিশেষ দল এটাই তালাচীৰ সময়ত এজন ব্যক্তিয়ে কঢ়িয়াই নিয়া ৩৪.৯ লাখ টকা জব্দ কৰে৷ লংডিং-খনচা পথৰ টিছা নামৰ ঠাইখনত জব্দ কৰে এই বৃহৎ পৰিমানৰ ধন৷ পুমান ৱাংচু নামৰ ব্যক্তিজনে এই ধনখিনি কঢ়িয়াই নিছিল৷

আৰক্ষীয়ে সন্দেহ কৰা মতে এই ধনখিনি নিৰ্বাচনত ব্যয় কৰাৰ বাবে বেংকৰ পৰা উলিয়াই নিছিল৷ জব্দ কৰা ধন খিনি মঙলবাৰে আয়কৰ বিভাগে লংডিং থানাৰ পৰা নিজৰ জিম্মালৈ নিয়ে৷