উত্তৰ-পূব

অৰুণাচল প্ৰদেশত ভয়াৱহ ভূমিস্খলন! এদিনতে ৮জনে হেৰুৱালে প্ৰাণ, আহত এজন…

asomiyapratidin

প্ৰতিদিন সংবাদ, ইটানগৰ: অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাত সংঘটিত হোৱা দুটা পৃথক ভূমিস্খলনৰ ঘটনাত শুকুৰবাৰে মুঠ ৮জন লোকৰ মৃত্যু হয় । দৈমুখ নামৰ ঠাইখনৰ সমীপৰ টিগডো নামৰ গাঁওখনত শুকুৰবাৰে পুৱাতি নিশা ২:৩০ বজাত পাহাৰ খহি টানা নেকা নামৰ ব্যক্তিজনৰ ঘৰটো পুতি পেলাই । সেই সময়ত ঘৰটোৰ ভিতৰত শুই থকা চাৰিজন লোকেই মৃত্যুমুখত পৰে । নিহত হোৱা কেইজনৰ মাজত এটি আঠ মহীয়া শিশুও আছে ।

আনহাতে শুকুৰবাৰে দিনৰ ১১:৩০ বজাত সংঘটিত হোৱা আনটো শোকাৱহ ভূমিস্খলনৰ ঘটনা ঘটে ইটানগৰৰ পৰা ৬ কিলোমিটাৰ নিলগৰ মিডিৰিজো নামৰ গাঁৱত । ইটানগৰ-বান্দৰদেৱাৰ মাজত নিৰ্মীয়মান চাৰিলেনযুক্ত ঘাইপথৰ বাবে পাহাৰৰ মাটি কাটি জমা কৰি থোৱা মাটি খহি পৰাত কামডাক টাডো নামৰ ব্যক্তি জনৰ কেঁচা ঘৰটো মাটিয়ে পুতি পেলাই ।

সেই সময়ত ঘৰটোৰ ভিতৰত থকা ছয়জন ব্যক্তিৰ চাৰিজন নিহত হয় আৰু এজন গুৰুতৰভাবে আহত হয় । সৌভাগ্যক্ৰমে ঘৰটোত থকা এজন লোকক সুস্থ অবস্থাত উদ্ধাৰ কৰা হয় । ইফালে, ইটানগৰকে ধৰি সমগ্ৰ অৰুণাচল প্ৰদেশত বিগত ৮৪ ঘন্টাধৰি বিৰামহিন ভাবে হৈ থকা প্ৰবল বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনাৰ বাতৰি আহি আছে ।

যধে মধে পাহাৰৰ মাটি কটাৰ বাবেই ৰাজ্যখনত ভূমিস্খলনৰ ঘটনা বৃদ্ধি পাইছে । শুকুৰবাৰে ইটানগৰ আৰু দৈমুখত সংঘটিত হোৱা দুয়োটা ভূমিস্খলনৰ ঘটনা পাহাৰৰ মাটি কটাৰ বাবেই হ'বলৈ পালে ।

অৰুণাচল প্ৰদেশত ভয়াৱহ ভূমিস্খলনত নিহত হোৱা লোকসকলৰ নাম সমূহ ক্ৰমে- কামদাক কাগুং (৩০), কামদাক কাৰনা (৯ ), কামদাক জীতা (৮), লকাম মিনু (২০), টানা মাৰ্টিন (২২), টানা জন (১৭), টানা য়াছুম (৮ মাহ) আৰু ৮) য়াবুং লিনদুম (২০)।