উত্তৰ-পূব

বিজেপি এৰা গেগং আপাঙে গঠন কৰিব নতুন ৰাজনৈতিক দল

asomiyapratidin

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপাঙে গঠন কৰিব এটা নতুন আঞ্চলিক ৰাজনৈতিক দল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ১৯ জানুৱাৰীত কলকতাত মমতা বেনাৰ্জীৰ সৈতে অংশ ল'ব বিজেপি বিৰোধী মহা সমাবেশত ৷ বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ চলোৱা চেষ্টাৰ বাবেই দল ত্যাগ কৰা বুলি মন্তব্য কৰে গেগং আপাঙে৷

ইফালে, নতুনকৈ গঠন হ'বলগীয়া আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম হ'ব 'অৰুণাচল ডেম'ক্ৰেটিক ফ্ৰন্ট'। জানিব পৰা মতে, অৰুণাচলত আগন্তুক বিধান সভা আৰু লোকসভা নিৰ্বাচনত এ ডি এফ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেওঁ। লগতে ২১ জানুৱাৰী, ২০১৯ত সংবাদমেলযোগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাীয়ে আনুষ্ঠানিক ঘোষণা কৰিব এই নতুন দলটোৰ বিষয়ে৷ বি জি পি বিৰোধী মহা গোটবন্ধনৰো অংশীদাৰ হ'ব আপাঙৰ নতুন দলটো ৷

উল্লেখ্য যে, ১৭ বছৰ ধৰি অৰুণাচলৰ মুখ্যমন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল গেগং আপাং ৷ বি জি পি দলৰ পৰাও অৰুণাচল তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰথমজন মুখ্যমন্ত্ৰী আছিল এই আপাং ৷ কিন্তু জাতিধ্বংসী এই বিধেয়কখনৰ বিৰোধিতা কৰি আপাঙে যোৱা মংগলবাৰে বি জি পিৰ পৰা পদত্যাগ কৰে ৷ আপাঙে দাবী কৰা মতে, অৰুণাচলৰ বহু নেতাই তেওঁৰ লগত যোগাযোগ কৰিছে আৰু এ ডি এফ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব ৷