উত্তৰ-পূব

অৰুণাচলৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ পেমা খাণ্ডুৰ, অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী উপস্থিত…

asomiyapratidin


ডিজিটেল সংবাদ, ইটানগৰঃ দ্বিতীয়বাৰৰ বাবে অৰুণাচলৰ মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপত গ্ৰহণ কৰিলে পেমা খাণ্ডুৱে৷ অৰুণাচলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজভৱনৰ পৰিৱৰ্তে দৰ্জী খাণ্ডু ষ্টেট কনভেন্সন চেন্টাৰত অনুষ্টিত হয় এই শপতগ্ৰহণ অনুষ্ঠান৷ অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰাই মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু তেওঁৰ মন্ত্ৰীসভাৰ ১১ জনকৈ নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱায় ৷

মুখ্যমন্ত্ৰী হিচাপে পেমা খাণ্ডুৱে শপত লোৱাৰ বিপৰীতে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে চাওনা মেইনে ৷ তেওঁলোকৰ লগতে মন্ত্ৰী পদৰ বাবে শপত গ্ৰহণ কৰে বামাং ফেলিক্স, মামা নাটুং, টাগে টাকি, টুমকে বাগৰা, ৱাংকি লৱাং, টাবা টাদেৰ, হনচুম নংদম, কমলুং মোচাং আৰু নাকাব নালোৱে ৷

এই অনুষ্ঠানত নতুন কৈ জয়যুক্ত হোৱা দুজনকৈ সাংসদ ক্ৰমে টাপিৰ গাৱ আৰু কিৰেন ৰিজিজুৰ উপৰিও অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকে ৷

তাৰোপৰি নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ ইন-চাৰ্জ ৰাম মাধৱো উপস্থিত থাকে ৷ এই অনুষ্ঠানৰ বাবে ১১ হাজাৰ নিমন্ত্ৰণী পত্ৰৰ অতি ক্ষীপ্ৰতাৰে প্ৰেৰণ কৰা হৈছিল ৷

তাৰোপৰি কেপিটেল এছ পি টুম্মে আম'ই জনোৱা মতে কনভেন্সন চেন্টাৰ আৰু তাৰ কাষৰ সমগ্ৰ অঞ্চলত নিচিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল ৷