উত্তৰ-পূব

অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন, বিজেপি প্ৰাৰ্থীৰ সম্পূৰ্ণ তালিকা প্ৰকাশ…

asomiyapratidin

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশ বিধান সভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে বিজেপিৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা হয় ৷ পূৰ্বে ৫৪ টা সমষ্টিৰ বাবে প্ৰাৰ্থি ঘোষণা কৰিছিল বিজেপিয়ে ৷ ইটানগৰ, দৈমুখ, কালাকটাং, ন্যাপিন, টালি আৰু মাৰিয়াং গেকু সমষ্টিৰ তালিকা বৃহস্পতিবাৰে প্ৰকাশ কৰে বিজেপিয়ে ৷ বৃহস্পতিবাৰে ঘোষণা কৰা তালিকাত বি জে পিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ল পেমা মন্ত্ৰী সভাৰ আন এজন প্ৰতাপী মন্ত্ৰী নাবাম ৰেবিয়া ৷বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী নাবাম ৰেবিয়া অনা অৰুণাচলীক পি আৰ চি প্ৰদানৰ বাবে গঠন কৰা উচ্চ ক্ষমতা সম্পন্ন কমিটিৰো অধ্যক্ষ আছিল ৷ যোৱা মাহত ইটানগৰত হোৱা হিংসাত্মক ঘটনাৰ সময়ত নাবাম ৰেবিয়াৰ কোটি টকীয়া ব্যৱসায়িক প্ৰতিস্থান টাকাৰ কমপ্লেক্স জ্বলাই দিছিল ৷ কিন্তু ৰেবিয়াক টিকট নিদি টানা হিলি টাৰা নামৰ এজন নতুন প্ৰাৰ্থীক টিকট প্ৰদান কৰা হৈছে ৷

একেদৰে মৰিয়াং গেকু সমষ্টিত বিজেপিৰ বিধায়ক অলম পান্যায়াঙৰ স্থানত আনং পাৰমেক প্ৰাৰ্থিত্ব দিছে ৷ সকলোতকৈ ডাঙৰ অঘটনটো ঘটিছে ইটানগৰ সমষ্টিত ৷ সমষ্টিটোৰ অন্তিম দাবীদাৰ বিধায়ক টেছি কাচো, বি জি পিৰ ৰাজ্যিক উপ সভাপতি তথা ২০১৪ চনত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা টামে পাছাঙৰ পৰিবৰ্তে প্ৰাক্তন মন্ত্ৰী তথা আৰ এছ এছৰ পুৰণা নেতা কিপা বাবুক প্ৰাৰ্থিত্ব দিছে ৷ অন্তিম মুহূৰ্তত কালাকটাঙৰ পৰা বিধান সভাৰ অধ্যক্ষ টেনদিং নৰবু থংডককে প্ৰাৰ্থিত্ব দিলে বিজেপিয়ে ৷

ইপিনে কনৰাদ চাংমা নেতৃত্বাধীন এন পি পি দলেও ২৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থি তালিকা ঘোষণা কৰিছে ৷ জনতা দল এছ আৰু জনতা দল ইউৰ প্ৰাৰ্থি তালিকাও প্ৰকাশ পাইছে ৷ কিন্তু তাৎপৰ্যপূৰ্ণভাবে আগন্তুক নিৰ্বাচনত বি জে পিক তীব্ৰ প্ৰত্যাহ্বান জনাব বুলি অনুমান কৰা কংগ্ৰেছ দলে এই পৰ্যন্ত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই ৷ বিজেপিৰ হৈ অৰুণাচল লোকসভাৰ দুটাকৈ সমষ্টিত কিৰেণ ৰিজিজু আৰু টাপিৰ গাৱে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ কংগ্ৰেছৰ পৰা কিৰেণৰ বিপক্ষে প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকি আৰু গাওৰ বিপক্ষে জেমছ ৱাংলটক প্ৰাৰ্থিত্ব দিছে ৷ কিন্তু অৰুণাচলত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে জনতা দল ইউত যোগদান কৰা কংগ্ৰেছৰ টিকট বঞ্চিত প্ৰাৰ্থি জাৰজুম এটে গামলিনে ৷ গালো সম্প্ৰদায়ৰ জনপ্ৰিয় সমাজকৰ্মী জাৰজুম প্ৰাক্তন মুখ্যমন্ত্ৰী জাৰবম গামলিনৰ ভগ্নি ৷ জাৰজুম গামলিনে কিৰেণ ৰিজিজুৰ ভোট বংকত গঢ়াখহনীয়াৰ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে ৷

অৰুণাচলত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰা এন পি পি দলৰ প্ৰাৰ্থি খোদা আপিকেও কিৰেণ ৰিজিজুৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদন্দিতা আগবঢ়াব ৷ এনে পৰিস্থিতিত অৰুণাচল প্ৰদেশৰ নিৰ্বাচনী গতিবিধি তুংগত উঠিছে ৷ টাপিৰ গাওৰ চেহেৰাৰ সাদৃস্য থকা বিতৰ্কিত চেক্স টেপ প্ৰচাৰ হোৱাৰ পাছত অৰুণাচল পূব সমষ্টিতো বিজেপি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখিন হ'ব ৷ ইপিনে বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থি তালিকা প্ৰাশ হোৱাৰ পাছত বিজেপিৰ টিকট বঞ্চিত বিধায়ক টেছি কাছোৱে বিজেপিৰ পৰা পদত্যাগ কৰিছে ৷ টিকট নিদিয়াৰ বাবেই পদত্যাগ কৰিছে বিলি কাছোৱে পদত্যাগ পত্ৰত উল্লেখ কৰিছে ৷ টেছি কাছো ইটানগৰৰ বি জি পি বিধায়ক আছিল ৷