উত্তৰ-পূব

বিজেপিৰ বহুবল্কী বিধায়ক শিলাদিত্যৰ ভৱিষ্যৎ বাণী!

asomiyapratidin

ডিজিটেল ডেস্কঃ এন আৰ চিত আছে বহু বিদেশীৰ নাম। এই অবৈধ বিদেশীৰ নাম এন আৰ চি খচৰাত অন্তৰ্ভূক্ত হোৱাৰ পিছতে ২০২৬ চনত অসমৰ মুখ্যমন্ত্ৰী হ'ব বদৰুদ্দিন আজমল। এই বিস্ফোৰক মন্তব্যৰে সদ্য প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ পুনৰ মুখ খুলিলে বিজেপিৰ বহুবল্কী বিধায়ক শিলাদিত্যই।

শংকৰ-আজানৰ অসম এতিয়া আজমল-আজানৰ ভূমি হ'ব বুলি মন্তব্য কৰি শিলাদিত্যই কয়, 'বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হোৱাৰ বাবেই অনাগত দিনত ৫০ টা সমষ্টিত আজমলৰ দখললৈ যাব। বিতৰ্কিত বিধায়কগৰাকীয়ে মমতা বেনাৰ্জীকো সমালোচনা কৰি কয় যে বাংলাদেশী মুছলমানৰ স্বাৰ্থতহে মাত মাতিছে মমতাই।

অসমলৈ আহি বিষবাষ্প বিয়পাব খোজা মমতা বাহিনীয়ে কিয় অসমত গোচৰ তৰিবলৈ সাহস নকৰিলে বুলি প্ৰশ্ন কৰে শিলাদিত্যই। মমতাই এন আৰ চিক লৈ সস্তীয়া ৰাজনীতি কৰাৰো অভিযোগ তোলে। ইফালে, অগপ বিধায়ক উৎপল দত্তই এন আৰ চিৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মমতা বেনাৰ্জীৰ শেহতীয়া স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰে। সংসদত ভাষণ দিয়া বহু সাংসদে এন আৰ চি খায় নে পিন্ধে নাজানে বুলিও টিপ্পনী কৰে বিধায়ক দত্তই।