উত্তৰ-পূব

মেছুকাত সন্ধানহীন বায়ু সেনাৰ বিষয়া-কৰ্মচাৰীৰ পৰিয়ালৰ লোকক সাক্ষাৎ এয়াৰ মাৰ্শ্বেল বি এছ ধানৱাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে ভাৰতীয় বায়ু সেনাৰ এয়াৰ মাৰ্শ্বেল বি এছ ধানৱাই সাক্ষাৎ কৰে সন্ধানহীন হৈ থকা এএন-৩২ বিমানত যোৱা ১৩গৰাকী বায়ু সেনাৰ বিষয়া-কৰ্মচাৰীৰ পৰিয়ালৰ লোকক। যোৱা ৬দিন ধৰি সন্ধানহীন হৈ আছে বিমানখন।

এয়াৰ মাৰ্শ্বেলগৰাকীয়ে তেওঁলোকক সাক্ষাৎ কৰি বিমানখন আৰু বিমানখনত যোৱা বিষয়া-কৰ্মচাৰীসকলৰ সন্ধানৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাদ দিয়ে। উল্লেখ্য যে, এএন-৩২ বিমানখন ৰৰৈয়াৰ পৰা মেছুকাৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডৰ দিশে উৰা মৰা বিমানখন ৩৩ মিনিট উৰাৰ পাছতেই নিয়ন্ত্ৰণ কক্ষৰ সৈতে বিচ্ছিন্ন হৈছিল সংযোগ।