উত্তৰ-পূব

৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নাবালিকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ নিৰ্মম! পুতলাৰ সৈতে খেলাৰ বয়সতেই এজন ৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী কণমানি। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অভিযুক্ত বৃদ্ধজনক ফাঁচীৰ দাবীও তুলিছে বহুতে। এই ঘটনা সংঘটিত হৈছে ওড়িশাত।

জানিব পৰা মতে, ওড়িশাৰ গজপতি জিলাৰ কেম্প ষ্ট্ৰিত-২ত সংঘটিত হয় এই ঘটনা। সোমবাৰে সংঘটিত এই ঘটনাৰ কথা পোহৰলৈ অহাৰ পিছতে নিৰ্যাতনৰ বলি হোৱা ৭ বছৰীয়া নাবালিকাজনীৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত বৃদ্ধ জনৰ নাম বাৰিক প্ৰধান।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিগত কেইবাদিনো ধৰি বৃদ্ধ বাৰিক প্ৰধানে নিজৰ পাশৱিক কামনা চৰিতাৰ্থ কৰি আহিছিল কণমানিটিৰ ওপৰত। নাবালিকাৰ ওচৰ চুবুৰীয়া বাৰিক প্ৰধানে চকলেটৰ প্ৰলোভন দেখুৱাই যৌন নিৰ্যাতন চলাই আহিছিল। সোমবাৰে কণমানিটিয়ে বৃদ্ধৰ এই আচৰণ সন্দৰ্ভত পৰিয়ালক জনোৱাৰ পিছতে পৰিয়ালৰ লোকে বাৰিক প্ৰধান নামৰ অভিযুক্ত লোকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।