উত্তৰ-পূব

বন্ধ কৰা হ’ব ৪০০ বিদ্যালয়, হোৱা নাই এজনো শিক্ষাৰ্থীৰ নামভৰ্তি…

asomiyapratidin

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ শিক্ষা ব্যৱস্থাটো সংশোধন কৰিবলৈ ওলাইছে আৰু সেয়েহে কিছু সংখ্যক বিদ্যালয় বন্ধ কৰা হ'ব য'ত এজনো ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হোৱা নাই। তেওঁ লগতে কয় যে ৰাজ্যখনত চৰকাৰী বিদ্যালয়সমূহৰ সংখ্যা তিনি হাজাৰৰো অধিকলৈ বৃদ্ধি পাইছে। এই সংখ্যা স্বাধীনতাৰ সময়ত আছিল মাত্ৰ তিনিখন।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পশ্চিম কামেংগ জিলাৰ বমদিলাত এখন চৰকাৰী কলেজত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়- 'আমি এতিয়ালৈকে এনে ধৰণৰ ৪০০ বিদ্যালয় বন্ধ কৰিছো, য'ত এজনো ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰা নাই। লগতে ৬০টা বিধানসভা সমষ্টিৰ প্ৰতি একোখন বিদ্যালয়ক উন্নত কৰি তাত সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰি ম'ডেল স্কুল হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছো।'