ৰাষ্ট্ৰীয়

ছ’চিয়েল মিডিয়াত প্ৰণৱ মুখাৰ্জীৰ বিকৃত ছবি

asomiyapratidin

নতুন দিল্লী, ৮ জুনঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে নাগপুৰত আৰ এছ এছৰ কাৰ্যালয়ৰ কাৰ্যসূচীত অংশগ্ৰহণে তীব্ৰ বিতৰ্ক সৃষ্টি কৰাৰ মাজতে আজি ছ'চিয়েল মিডিয়াত বিয়পি পৰিল অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে অংশ লোৱাৰ এখন বিকৃত ছবি। অনুষ্ঠানটোৰ মূল মঞ্চত এটা মুহূৰ্তত আৰ এছ এছৰ নেতা-কৰ্মীসকলে নিজৰ ধৰণে এখন হাত বুকুৰ কাষত থৈ চেলুট দিছিল। এই সময়ত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে দুয়োখন হাত তললৈ পোন কৰি ৰাখিছিল। কিন্তু আৰ এছ এছৰ আন নেতা-কৰ্মীসকলে নিজৰ ধৰণে চেলুট দিয়াৰ দৰে ছ'চিয়েল মিডিয়াত প্ৰকাশ পালে প্ৰণৱ মুখাৰ্জীয়েও একেধৰণে চেলুট দিয়াৰ ছবি। এই বিকৃত ফটোখন আৰ এছ এছৰ ফালৰ পৰাই প্ৰচাৰ কৰা হয় বুলি ধাৰণা কৰা হৈছে। কাৰণ এই দুষ্কাৰ্যৰ বাবে প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীয়ে আজি আৰ এছ এছক অতি কঠোৰভাৱে সমালোচনা কৰে আৰু ফটো বিকৃতকৰণক লেতেৰা কৌশল বুলি অভিহিত কৰে। শৰ্মিষ্ঠাই কয় যে আৰ এছ এছে এনে কুকাৰ্য কৰিব পাৰে বুলি আশংকা কৰা হৈছিল আৰু বাস্তৱত সেয়াই ঘটিল। দিল্লী কংগ্ৰেছৰ দায়িত্বশীল নেত্ৰী শৰ্মিষ্ঠাই টুইটাৰত পিতৃ তথা প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ দুয়োখন হাত তললৈ পোন কৰি ৰখা ফটো এখন প'ষ্ট কৰি কয় যে তেওঁৰ পিতৃয়ে হাতখন আৰ এছ এছৰ কৰ্মীৰ দৰে বুকুৰ কাষত ৰখা নাছিল। উল্লেখনীয় যে ইতিপূৰ্বে প্ৰণৱ মুখাৰ্জীয়ে প্ৰকাশ কৰিছিল যে আৰ এছ এছৰ মুখ্য কাৰ্যালয়ৰ অনুষ্ঠানত অংশগ্ৰহণত তেওঁৰ কন্যা শৰ্মিষ্ঠায়ো সমৰ্থন জনোৱা নাছিল। শৰ্মিষ্ঠা মুখাৰ্জীয়ে কয়– 'আমি এনে এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছো, য'ত প্ৰতিজন সদস্যই নিজৰ মতামত প্ৰকাশ কৰিব পাৰে। আমি এতিয়া যুক্তিক প্ৰাধান্য দিয়া গণতান্ত্ৰিক পৰিয়াল আৰু নিজৰ মত আৰু যুক্তিক দাঙি ধৰাৰ শিক্ষা মই পিতৃৰ পৰাই লাভ কৰিছো।' শৰ্মিষ্ঠাৰ মতে তেওঁৰ পিতৃয়ে আৰ এছ এছৰ অনুষ্ঠানত যিটো ভাষণ দিলে, সেয়া সংগঠনটোৰ বাবে গ্ৰহণীয় নহ'ব পাৰে আৰু ভাষণ সময়ৰ সোঁতত হেৰাই যায়। কিন্তু ফটো থাকি যায়। সেয়ে আৰ এছ এছে বিকৃত কৰি প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ ফটো প্ৰচাৰ কৰিলে বুলি শৰ্মিষ্ঠাই কয়। উল্লেখনীয় যে হিন্দু মৌলবাদী সংগঠন হিচাপে পৰিচিত আৰ এছ এছে দেশত এক ধৰ্ম, এক ভাষা, এক সংস্কৃতি গঢ়াৰ লক্ষ্যৰে আগবঢ়াৰ বিপৰীতে কালি প্ৰণৱ মুখাৰ্জীয়ে ভাৰতক ধৰ্মনিৰপেক্ষ, বহুত্ববাদ আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ সমাহাৰ ঘটা মাতৃভূমি বুলি কৈছিল।