ৰাষ্ট্ৰীয়

যোৱা ২০ বছৰৰ ভিতৰত বিশ্বৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত প্ৰাণ গ'ল ২০০ ৰো অধিকৰ,

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে উৰিষ্যাৰ বালাছোৰত সংঘটিত হোৱা ভয়ংকৰ ৰে'ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ। এই দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত প্ৰায় ২৮০ গৰাকীকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৯০০ ৰো অধিক যাত্ৰী আহত হয়। মৃতকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা আছে। ৩ খন ৰে'লৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ২ জুনৰ সন্ধিয়া ৬.৫৫ বজাত বেংগালুৰু-হাওৰা চুপাৰফাষ্ট ৰেলখন আৰু সন্ধিয়া ৭ বজাত চেন্নাই অভিমুখী কৰমণ্ডেল লাইনচ্যুত হয়। প্ৰথমে কৰমণ্ডেলৰ লাইনচ্যুত ডবাবোৰ মালবাহী ৰে'লক খুন্দা মাৰে । যাৰফলত কেইবাটাও ডবা ওলাই পৰে। ইয়াৰ পিছত  বেংগালুৰুৰ-হাওৰা- চুপাৰফাষ্ট এক্সপ্ৰেছৰ লাইনচ্যুত ডবাবোৰৰ সৈতে সংঘৰ্ষ হয়। সংঘৰ্ষৰ সময়ত দুয়োখন ৰে'ল তীব্ৰ গতিত চলি আছিল। 

এই দুৰ্ঘটনাৰ যিসমূহ ফটো পোহৰলৈ আহিছে সেইসমূহ দেখিলে গ'ম পোৱা যায় যে কিমান ভয়ংকৰ আছিল এই দুৰ্ঘটনা। এটাৰ ওপৰত আন এটা ডবা পৰি আছে। শ শ মানুহ আৱদ্ধ হৈ আছে ৰে'লৰ ভিতৰত। উদ্ধাৰ অভিযানত সহায় কৰিছে বায়ু সেনা বাহিনীয়ে।

ইয়াৰ পূৰ্বেও দেশত বহু ভয়ংকৰ ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছে। কিন্তু মৃতকৰ সংখ্যাৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে যোৱা ২০ বছৰত এই ৰে'ল দুৰ্ঘটনাটো সকলোতকৈ ভয়ংকৰ। ইয়াৰ পূৰ্বে শ্ৰী লংকাত সংঘটিত এক ৰে'ল দুৰ্ঘটনাত ১০০০ জন লোকৰ মৃত্যু হৈছিল।

ইয়াৰোপৰি স্বাধীনতাৰ পাছত ভাৰতৰ আটাইতকৈ ভয়ংকৰ ৰে'ল দুৰ্ঘটনাৰ ভিতৰত এইটোও আছে শীৰ্ষ ৫ৰ ভিতৰত। ইয়াৰ পূৰ্বে ১৯৯৫ চনত দিল্লীত পুুৰুষোত্তম এক্সপ্ৰেছ আৰু ৰৈ থকা কালিন্দি এক্সপ্ৰেছৰ মুখামুখি সংঘৰ্ষত ৩০৫ জনৰ মৃত্যু হৈছিল।