ৰাষ্ট্ৰীয়

প্ৰচাৰ চলাবলৈ নাই ধন ! অধীৰৰঞ্জনক মহিলাই দিলে সাহাৰ্য্য

Asomiya Pratidin

ডিজিটেল ডেস্ক : পুঁজিৰ সংকটত ভুগিছে কংগ্ৰেছ দল। সমাগত লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ নাই ধন !

সেইবাবেই পশ্চিমবংগৰ মুৰ্ছিবদাবাদ জিলাৰ মহিলাই কংগ্ৰেছ নেতা অধীৰৰঞ্জন চৌধুৰীক নিৰ্বাচনী প্ৰচাৰত সহায় হোৱাকৈ দান কৰিছে আৰ্থিক সাহাৰ্য্য। জানিব পৰামতে উক্ত জিলাখনৰ ১১গৰাকী মহিলাই কংগ্ৰেছ নেতাগৰাকীক ১১ হাজাৰ টকা নিৰ্বাচনী প্ৰচাৰৰ বাবে দান হিচাপে আগবঢ়ায়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি চৌধুৰীয়ে ১৯৯৯ চনৰ পৰাই বেৰহামপুৰ সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। তেনেস্থলত এইগৰাকী সাংসদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধনৰ নাটনি হোৱা কথাই চৰ্চা লাভ কৰিছে।