ৰাষ্ট্ৰীয়

জঘন্য ঘটনা! নিশা দলবদ্ধভাৱে বলাৎকাৰ যুৱতীক…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজস্থানত সংঘটিত হৈছে এক জঘন্য কাণ্ড। প্ৰমিকৰ সৈতে মটৰ চাইকেলত গৈ থকা সময়তে তিনিজনীয়া এটা দলে বলাৎকাৰ কৰে এগৰাকী সন্তান সম্ভৱা যুৱতীক। এই ঘটনা সংঘটিত হয় ৰাজস্থানৰ উদয়পুৰত।

উল্লেখ্য যে, নিশা প্ৰেমিকে যুৱতীগৰাকীক ঘৰ অভিমুখে বাইকেৰে গৈ থকা সময়তে তিনিজনীয়া দলটোৱে ৰ'ডেৰে যুৱকজনৰ ওপৰত প্ৰহাৰ কৰে। পাষাণ কেইজনে প্ৰহাৰ কৰাৰ পাছত অচেতন হৈ পৰে যুৱকজন। আৰু তাৰপাছতেই তিনিও দলবদ্ধভাৱে বলাৎকাৰ কৰে এই সন্তান সম্ভৱা যুৱতীগৰাকীক। প্ৰেমিক আৰু যুৱতীগৰাকী আৱদ্ধ হোৱা নাছিল বিবাহপাশত।

ইফালে, অভিযোগ অনুসৰি, সুনীল চোৰপোটা, বিকাশ আৰু জীতেন্দ্ৰ চাৰপোটা নামৰ যুৱক কেইজনে কৰিছিল যুৱতীগৰাকীৰ বলাৎকাৰ। ইমানৰ পাছতো অভিযুক্ত তিনিজনে যুৱতীগৰাকীক গাড়ীত উঠাই নি এটা বাছ আস্থানলৈ লৈ যায় আৰু তাৰপাছত আৰু দুজন লোকক ফোনযোগে সেই স্থানলৈ মাতে। আৰু লম্পট কেইজনে পুনৰ যুৱতীগৰাকীক বলাৎকাৰ কৰে। জানিব পৰা মতে, আন দুজন অভিযুক্তৰ নাম ক্ৰমে- নৰেশ গুৰ্জৰ আৰু বিজয়।

আনহাতে, লম্পট কেইটাৰ প্ৰহাৰ অচেতন হৈ থকা প্ৰেমিকজনে চেতনা ঘূৰাই পোৱাৰ পাছত আত্মহত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে, পীড়িতগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত কোনো গোচৰ ৰুজু কৰা নাই। আনহাতে, আৰক্ষীয়ে মৃত প্ৰেমিকজনৰ ম'বাইল উদ্ধাৰ কৰাৰ পাছত তদন্ত আৰম্ভ কৰে আৰু অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰে। সুনীল চাৰপোটা নামৰ অভিযুক্তজন ইয়াৰ পূৰ্বেও বহু অপৰাধৰ সৈতে জড়িত আছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।