ৰাষ্ট্ৰীয়

নীতিশ কুমাৰ হ’বনে বিহাৰৰ নতুন মন্ত্ৰীসভাৰ মূৰব্বী…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিহাৰৰ নতুনকৈ গঠন হোৱা চৰকাৰখনৰ নেতাৰ মন্ত্ৰীত্ব নিৰ্বাচন কৰিবৰ বাবে দেওবাৰে পাটনাত এনডিএৰ বৈঠক অনুষ্ঠিত হব। এই বৈঠকত নীতিশ কুমাৰক পুণৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱিত কৰাৰ সম্ভাৱনাই অধিক।

সুৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও দেওবাৰে পাটনাত অনুষ্ঠিত হব লগা এনডিএৰ বিধায়ক দলৰ বৈঠকত উপস্থিত থাকিব। খবৰ অনুসৰি, বিজেপিয়ে স্পষ্ট ৰূপত কৈছে যে আসন যিদলৰে যিমানেও নহওক, নীতিশ কুমাৰেই চৰকাৰৰ নেতৃত্ব কৰিব।