ৰাষ্ট্ৰীয়

হোৱাটছ এপে এটা মাহত ভাৰতত নিষিদ্ধ কৰিলে ২৬.৮৫ লাখ একাউণ্ট...

Asomiya Pratidin

ডিজিটেল ডেস্ক: :ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হোৱাটছএপে মঙলবাৰে এক বিশেষ তথ্য দাঙি ধৰে। কোম্পানীটোৱে কয় যে, ছেপ্টেম্বৰত ভাৰতত ২৬.৮৫ লাখ একাউণ্ট নিষিদ্ধ কৰিছে।

ছেপ্টেম্বৰত বন্ধ কৰা একাউণ্টৰ সংখ্যা আগষ্টত বন্ধ কৰা ২৩.২৮ লাখ একাউণ্টতকৈ ১৫ শতাংশ বেছি ।

এক প্ৰতিবেদনত কোম্পানীটোৱে কয় যে "১ ছেপ্টেম্বৰ, ২০২২ ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২২ ৰ ভিতৰত ২,৬৮৫,০০০ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হৈছে। ইয়াৰে ৮.৭২ লাখ একাউন্ট কোনোৱে ৰিপোৰ্ট কৰাৰ আগতে বন্ধ কৰা হৈছিল।

বিগত বৰ্ষত কাৰ্যকৰী হোৱা তথ্য প্ৰযুক্তি নিয়মবোৰে বৃহৎ ডিজিটেল প্লেটফৰ্মবোৰক (৫০ লাখৰো অধিক ব্যৱহাৰকাৰীৰ ) প্ৰতি মাহে অভিযোগ কৰা প্ৰতিবেদন প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে।প্ৰাপ্ত অভিযোগৰ বিৱৰণ আৰু লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰিব লাগে কোম্পানীবোৰে।

হোৱাটছএপৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, প্লেটফৰ্মে ছেপ্টেম্বৰত ৬৬৬ টা অভিযোগ লাভ কৰিছিল কিন্তু কেৱল ২৩ জনৰ বিৰুদ্ধে হে ব্যৱস্থা গ্ৰহণ কৰিছিল।