ৰাষ্ট্ৰীয়

তৃণমূল কংগ্ৰেছৰ এৰি বিজেপিত যোগদান কৰা অধিকাংশ প্ৰাৰ্থীৰ পৰাজয় পশ্চিমবংগ বিধানসভা নিৰ্বাচনত…

asomiyapratidin

ডিজিটেল ডেস্ক : পশ্চিমবংগত তৃণমূল কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা বেছিভাগ প্ৰাৰ্থীয়ে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰে।তৃণমূল কংগ্ৰেছ ত্যাগ কৰা প্ৰাৰ্থী সকলৰ ভিতৰত শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক পৰাস্ত কৰে । ইফালে বিজেপিলৈ অহা ৰাজ্য খনৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ বেনাৰ্জী, সিংগুৰৰ প্ৰাক্তন বিধায়ক ৰবীন্দ্ৰনাথ ভট্টাচাৰ্য, অভিনেতা ৰুদ্ৰনিল ঘোষ আৰু হাওৰাৰ প্ৰাক্তন মেয়ৰ ৰথিন চক্ৰৱৰ্তী নিৰ্বাচনত পৰাজিত হয়।

এই বছৰৰ আৰম্ভণিতে দল সলনি কৰা বেনাৰ্জী ৰাজীবে ডমজুৰ বিধানসভা সমষ্টিত পৰাজয় হয় । তেওঁ আগতে একেৰাহে দুবাৰ নিৰ্বাচনত জয়ী হৈছিল। তেওঁ তৃণমূল কংগ্ৰেছৰ কল্যাণ ঘোষৰ হাতত ৪২,৬২০ টা ভোটত পৰাজিত হৈছিল। নিৰ্বাচনত টিকট নোপোৱাৰ পিছত তৃণমূল ত্যাগ কৰা ভট্টাচাৰ্যক সিংগুৰৰ পৰা শাসকীয় দলৰ প্ৰাৰ্থী বেচাৰাম মান্নাই প্ৰায় ২৬,০০০ ভোটত পৰাজিত কৰে।