ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কিশোৰীৰ মৃতদেহ চোচৰাই নিলে আৰক্ষীয়ে...
ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কিশোৰীৰ মৃতদেহ চোচৰাই নিলে আৰক্ষীয়ে... 
ৰাষ্ট্ৰীয়

ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কিশোৰীৰ মৃতদেহ চোচৰাই নিলে আৰক্ষীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাত এগৰাকী দলিত নাবালকক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছে। গাওঁবাসীয়ে ছোৱালীজনীৰ মৃতদেহ সংগ্ৰহ কৰিবলৈ অহা আৰক্ষীৰ লোকসকলৰ ওপৰত শিল নিক্ষেপ কৰিছে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ৰেপিড একচন ফ'ৰ্চক মাতিবলৈ বাধ্য হৈছে।ইয়াৰোপৰি আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে লাঠিচাৰ্জো কৰিছে। তাৰ মাজতে ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ'।

ভাইৰেল হোৱা ভিডিঅ'টোত দেখা গৈছে কেইজনমান আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ চোচৰাই লৈ গৈছে। এই ঘটনা শুকুৰবাৰে সংঘটিত হৈছিল আৰু ভিডিঅ'টো শনিবাৰৰ পৰা ভাইৰেল হৈ আছে। বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যই এই ঘটনাটোৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ (এন চি পি চি আৰ) অধ্যক্ষ প্ৰিয়ংক কানুংগোৱে আজি দিনাজপুৰ ভ্ৰমণ কৰি ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰিব। কানুংগোৱে টুইট কৰি কৈছে, "ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা হৈছিল, আৰক্ষীৰ বিৰুদ্ধে মৃতদেহক অপমান কৰাৰ অভিযোগ আছে। ৰাজ্য চৰকাৰক অৱগত কৰা হৈছিল, কোনো উত্তৰ পোৱা হোৱা নাই।

ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ছোৱালীজনী সন্ধানহীন হৈ আছিল। কিন্তু পৰিয়ালে কোনো অভিযোগ দাখিল কৰা নাছিল। পৰৱৰ্তী সময়ত ছোৱালীজনীৰ মৃতদেহ কালিয়াগঞ্জ অঞ্চলৰ এটা খালত ওপঙি থকা অৱস্থাত পোৱা গৈছিল।

এই ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছিল যদিও স্থানীয় লোকসকলে ইয়াৰ বিৰোধিতা কৰে। পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে, জনতাই আৰক্ষীলৈ শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক প্ৰতিবেদনত কোৱা হৈছে ছোৱালীজনীৰ মৃত্যুৰ কাৰণ আছিল বিষাক্ত পদাৰ্থৰ সেৱন। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন ২০ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে।