ৰাষ্ট্ৰীয়

পশ্চিম বংগত ভয়াৱহ ৰূপত ডেংগু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পশ্চিম বংগত ভয়াৱহ ৰূপ লৈছে ডেংগুয়ে। ৰাজ্যখনত বিগত ২০ ছেপ্টেম্বৰলৈকে প্ৰায় ৩৮,০০০ ডেংগু ৰোগীৰ পঞ্জীয়ন কৰাৰ খবৰে চিন্তিত কৰি তুলিছে স্বাস্থ্যখণ্ডক। এই ৰোগৰ অধিক প্ৰভাৱ পৰিছে কলকাতা চহৰত।

তথ্য অনুসৰি ৰাজ্যখনৰ উত্তৰ ২৪ পৰগণাছ জিলাত ৮৫৩৫ গৰাকী ডেংগু ৰোগী পঞ্জীয়ন কৰাৰ বিপৰীতে কলকাতাত ৪৪২৭ গৰাকী, মুৰ্শিদাবাদত ৪২৬৬ গৰাকী, নাদিয়াত ৪২৩৩ গৰাকী আৰু হুগলীত ৩০৮৩ গৰাকী ৰোগীৰ পঞ্জীয়ন কৰা হয়।

স্বাস্থ্যখণ্ডৰ বিষয়াই জনোৱা অনুসৰি বাংলাদেশৰ পৰা এই ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিছে ৰাজ্যখনলৈ। ইপিনে ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ তথ্য অনুসৰি, পশ্চিম বংগত বিগত বছৰত ৬৭,২৭১গৰাকী ডেংগু ৰোগী পঞ্জীয়ন কৰাৰ বিপৰীতে কমেও ৩০গৰাকী লোকৰ মৃত্যু পঞ্জীয়ন কৰা হয়। এই তথ্য অনুসৰি পশ্চিম বংগই দেশৰ ভিতৰত সৰ্বাধিক ডেংগু ৰোগত আক্ৰান্ত ৰাজ্য। 

আনহাতে এই বৰ্ষত ৰাজ্যখনে ১৩ৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত প্ৰায় ৭০০০ ৰোগী এই ৰোগত আক্ৰান্ত হোৱাৰ পঞ্জীয়ন কৰিছে। স্বাস্থ্য বিষয়াই জনোৱা অনুসৰি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দক্ষিণ বংগৰ ১৫খন জিলা । য'ত ৩৪,৯০৫গৰাকী ৰোগী আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে।