ৰাষ্ট্ৰীয়

বুধবাৰে তামিলনাডুত চৰকাৰী বন্ধৰ দিন …

asomiyapratidin

ডিজিটেল ডেস্কঃ তামিলনাডু চৰকাৰে বুধবাৰে ঘোষণা কৰিছে চৰকাৰী বন্ধৰ দিন। জৰুৰীকালিন সেৱাৰ বাহিৰে সেইদিনা বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়। মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মঙলবাৰে বিয়লি ৪ বজাৰ পূৰ্বে ঘৰত সোমাবলৈ নিৰ্দেশ দিছিল কৰ্মচাৰীসকলক।

দৰাচলতে নিভাৰ ঘূৰ্ণীবতাহৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰখনে। যদিও ৰাজ্যখনৰ পৰা এই বিধংসী ঘূৰ্ণিবতাহ বৰ্তমান কিছু নিলগত কিন্তু ইয়াৰ সমান্তৰালভাৱে চেন্নাইত মঙলবাৰৰ দিনটোত দেখা গৈছে প্ৰৱল বৃষ্টিপাত। আইএমডিৰ গৱেষণা অনুসৰি বুধবাৰে প্ৰায় ৫ বজালৈ  এই ধুমুহাই তামিলনাডুৰ পণ্ডিচেৰী চহৰ স্পৰ্শ কৰিব।