ৰাষ্ট্ৰীয়

ৱাজিদ খানৰ মৃত্যুৰ পিছতেই পত্নীক জোৰ-জৱৰদস্তি ধৰ্মান্তৰ কৰিব বিচাৰিছে পৰিয়ালে…

asomiyapratidin

ডিজিটেল ডেস্কঃ বলিউডৰ প্ৰখ্যাত সংগীতকাৰ ৱাজিদ খানে দীৰ্ঘ দিনীয়া স্বাস্থ্য স্বাস্থ্যৰ অৱনতিৰ পিছত চলিত বৰ্ষৰ ১ জুন তাৰিখে তেওঁৰ মৃত্যু হয়। এতিয়া তেওঁৰ পত্নীয়ে ৱাজিদ খানৰ পৰিয়ালৰ ওপৰত গুৰুতৰ অভিযোগ আৰোপ কৰিছে। ৱাজিদ খানৰ পত্নী কমালৰুখে সামাজিক মাধ্যমত এটা দীঘল পোষ্ট লিখি কয় যে, ৱাজিদ খানৰ পৰিয়ালে জোৰ-জৱৰদস্তি তেওঁক ইছলাম ধৰ্ম ল'বলৈ কৈ আছে।

তেওঁ কয় যে তেওঁ স্বামীৰ মৃত্যুৰ পিছত যঠেষ্ট যন্ত্ৰণাত আছে আৰু বৰ্তমানেও সেই যন্ত্ৰণাৰ পৰা বাহিৰলৈ ওলাব পৰা নাই। কিন্তু ইয়াৰ পিছতো ৱাজিদ খানৰ পৰিয়ালে তেওঁক অশান্তি দিবলৈ এৰা নাই। ৱাজিদ খানৰ পত্নী কমলাৰুখৰ এই পোষ্টে এতিয়া সামাজিক মাধ্যমত যঠেষ্ট চৰ্চা লাভ কৰিছে।