খেল পথাৰ এৰি কাশীধাম পালেগৈ কিং কোহলি...
খেল পথাৰ এৰি কাশীধাম পালেগৈ কিং কোহলি... 
ৰাষ্ট্ৰীয়

খেল পথাৰ এৰি কাশীধাম পালেগৈ কিং কোহলি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দীৰ্ঘ দিন ধৰি চৰম বিফলতাৰ মাজেৰে পাৰ হোৱা বিৰাট কোহলিৰ ভাল দিন আকৌ ঘূৰি আহিল। সমালোচনা আৰু অনিশ্চিত ক্ৰিকেট কেৰিয়াৰক লৈ চিন্তিত কোহলিয়ে শক্তিশালী মনোবল, দৃঢ়তা আৰু পৰিশ্ৰমৰ বিনিময়ত পুনৰ ঘূৰাই পালে বেটিং ছন্দ।

যাৰ বাবে সদ্য সমাপ্ত টি-২০ বিশ্বকাপত কোহলিয়ে পুনৰ বাৰ নিজকে ৰাণ মেচিন হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। প্ৰতিযোগিতাখনত বিৰাটৰ বেটৰ পৰা আহিল কেইটাবাও অৰ্ধশতকীয় ইনিংছ।

বহুতৰ মতে আকৌ কোহলি এই বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে খেলিলে জীৱনৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ। পৰাজয় নিশ্চিত হৈ থকা ভাৰতীয় দলটোক বিজয়ৰ সোৱাদ দিবলৈ সক্ষম হৈছিল কোহলি।

অৱশ্যে কেৰিয়াৰৰ গ্ৰাফ উঠা নমাৰ এই মাজৰ সময়ছোৱাত কোহলিয়ে হেৰুৱালে বহু কিবাকিবি। টি-২০, এদিনীয়া আৰু টেষ্ট- ক্ৰিকেটৰ এই তিনিওটা ফৰ্মেটৰ পৰাই বি চি চি আইৰ নিৰ্বাচক কমিটীয়ে কোহলিৰ পৰা কাঢ়ি ল'লে অধিনায়ক পদ।

বহু কেইখন খেলত আকৌ জিৰণিৰ নামত দলৰ পৰাই বাদ দিয়া হ'ল কোহলিক। এনে পৰিস্থিতিৰ মাজেৰে আহি সদ্য সমাপ্ত টি-২০ বিশ্বকাপৰ দুৰ্দান্ত প্ৰদৰ্শনলৈকে কোহলিৰ গোটেই সময়খিনি আছিল অতি কষ্টকৰ।

কেৰিয়াৰৰ এনে কঠোৰ সময় পাৰ কৰা কোহলিয়ে এতিয়া সাময়িক ভাৱে পাৰ কৰিছে অৱসৰৰ সময়। তেওঁক সংগ দিছে পত্নী অনুষ্কা শৰ্মা আৰু জীয়ৰী ভামিকা। বিদেশী ৰাষ্ট্ৰ অথবা কোনো চহকী চহৰত নহয়, কোহলিয়ে এতিয়া কাশী ধামত পাৰ কৰিছে অৱসৰী সময়।

প্ৰকৃতিৰ ৰম্যভূমি উত্তৰাখণ্ডত পত্নী, কন্যাৰ লগত আছে কোহলি। সময় দিছে অনুৰাগীকো। এই ভ্ৰমণৰ সময়ত কোহলিয়ে জীয়ৰী ভামিকাৰ বাবে প্ৰভু হনুমন্তৰ পৰাও বিচাৰিলে আশীষ।

এই ভ্ৰমণকালতে কোহলি, অনুষ্কা আৰু তেওঁলোকৰ জীয়ৰী ভামিকা পালেগৈ বিখ্যাত নিম কাৰোলী বাবা আশ্ৰম। ইতিমধ্যে কোহলিৰ এই ভ্ৰমণৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখ্যে যে, বিশ্বকাপৰ পিছতে ভাৰতীয় দলটো এতিয়া নিউজিলেণ্ড ভ্ৰমণত ব্যস্ত। এই দলোটৰ পৰা জিৰণি দিয়া হৈছে বহু কেইজন জ্যেষ্ঠ খেলুৱৈক। এইসকল খেলুৱৈৰ মাজত আছে বিৰাট কোহলিও।

অৱশ্যে কোহলি পুনৰ শীঘ্ৰেই দললৈ ঘূৰি আহিব। বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হবলগীয়া এদিনীয়া আৰু টেষ্ট শৃংখলাৰ সময়ত দলত থাকিব বিৰাট।