ৰাষ্ট্ৰীয়

উত্তৰপ্ৰদেশত পথ দুৰ্ঘটনাত নিহত ৫, আহত ৪০

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে উত্তৰ প্ৰদেশৰ অমৰৌহাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। টায়াৰ ফটাৰ ফলত এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিঁত বাগৰি পৰে। দুৰ্ঘটনাটোত ৫ জন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে আহত হৈছে ৪০ জনৰো অধিক যাত্ৰী।

উত্তৰ প্ৰদেশৰ জনপদৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে যে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে।

দুৰ্ঘটনাৰ পাছতে আহত যাত্ৰী সকলক চৰকাৰী চিকিৎসালয়ৰ লগতে ব্যক্তিগত কেইবাখনো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।