ভাৰতত অভাৱনীয় হাৰত হ্ৰাস পাব ধান ঘেঁহুৰ উৎপাদনঃ ৰাষ্ট্ৰসংঘৰ সকিয়নী...
ভাৰতত অভাৱনীয় হাৰত হ্ৰাস পাব ধান ঘেঁহুৰ উৎপাদনঃ ৰাষ্ট্ৰসংঘৰ সকিয়নী... 
ৰাষ্ট্ৰীয়

ভাৰতত অভাৱনীয় হাৰত হ্ৰাস পাব ধান ঘেঁহুৰ উৎপাদনঃ ৰাষ্ট্ৰসংঘৰ সকিয়নী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতত খাদ্য উৎপাদন অভাৱনীয় হাৰত হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰসংঘই সতৰ্ক কৰি দিলে ভাৰতক। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞৰ এটা পেনেলে ভাৰতক সতৰ্ক কৰি কয় যে, যদিহে গোলকীয় উষ্ণতা নিয়ন্ত্ৰণহীন হয় তেন্তে ভাৰতৰ খাদ্য উৎপাদন ব্যাপক হাৰত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সচিব এণ্টিনিঅ' গুটেৰেছে জি-২০ গোটক উষ্ণতা ১.৫ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বজাই ৰখাৰ বাবে এক চুক্তি স্বাক্ষৰিত কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, সোমবাৰে আন্তঃচৰকাৰী জলবায়ু পৰিৱৰ্তন পেনেল চমুকৈ আই পি চি চিৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, ভাৰতত উষ্ণতা ১ ডিগ্ৰীৰ পৰা ৪ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি হ'লে ভাৰতত ধানৰ উৎপাদন ১০ শতাংশৰ পৰা ৩০ শতাংশলৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।

আনহাতে ঘেঁহুৰ উৎপাদন ২৫ শতাংশৰ পৰা ৭০ শতাংশলৈ হ্ৰাস হ'ব পাৰে।এণ্টনিঅ' গুটেৰেছে জি-২০ গোটত ভাৰতৰ নেতৃত্বত জলবায়ু সংহতি চুক্তিৰ প্ৰস্তাৱ উত্থাপনৰ বিষয়ে উল্লেখ কৰিছে।

এই চুক্তিত বৃহৎ নিৰ্গমনকাৰীয়ে নিৰ্গমন হ্ৰাস কৰিবলৈ আৰু অতিৰিক্ত প্ৰচেষ্টা চলোৱাৰ বিষয়ে কোৱা হৈছে। আনহাতে চহকী দেশসমূহক উঠি অহা অৰ্থনীতিক গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ হ্ৰাস কৰাৰ ক্ষেত্ৰত আৰ্থিক আৰু প্ৰযুক্তিগত সহায় কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

প্ৰতিবেদন অনুসৰি দক্ষিণ এছিয়াৰ ভিতৰতে ভাৰতে আটাইতকৈ দুৰ্বল দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে।