ৰাষ্ট্ৰীয়

গোপনে ভাৰতত প্ৰৱেশ কৰিব খোজোতেই দুই সন্ত্ৰাসবাদীক ধৰাশায়ী…

asomiyapratidin

ডিজিটেল ডেস্কঃ গোপনে ভাৰতত প্ৰৱেশ কৰিবলৈ লওতেই ভাৰতীয় সেনাই সীমান্তত ধৰাশায়ী কৰিছে দুটাকৈ সন্ত্ৰাসবাদীক। জন্মু-কাশ্মীৰৰ এল অ চি সীমান্তত শনিবাৰে সন্ত্ৰাসবাদী দুজনৰ পৰা দুটাকৈ একে-৪৭ মাৰণাস্ত্ৰয়ো উদ্ধাৰ কৰা হয়। সেনাই সদৰি কৰা মতে, পাকিস্তানৰ পৰা গোপনে বিগত দিনসমূহত বহু সন্ত্ৰাসবাদী ভাৰতত সোমাবলৈ চেষ্টা কৰি আছে যদিও বিফল হৈছে। আমি সীমান্তত থকা সকলোকে এৰ্লাট হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছো।