tirupati
tirupati  
ৰাষ্ট্ৰীয়

তিৰুপতি মন্দিৰৰ সম্পত্তিৰ পৰিমাণ জানিলে চকু কপালত উঠিব আপোনাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেতিয়াবা ভাবি চাইছেনে আমাৰ দেশৰ মঠ-মন্দিৰ সমূহৰ বাৰু সম্পত্তিৰ পৰিমাণ কিমান? ঈশ্বৰ চিন্তাত মগ্ন আপুনি, মই এই কথা নাভাবিলেও কিন্তু মঠ-মন্দিৰ সমূহ যে বহু ধন, সম্পত্তিৰ গৰাকী সেই কথা নিশ্চিত। বাকীবোৰৰ কথা বাদ, মধ্যপ্ৰদেশৰ তিৰুপৰি মন্দিৰৰ সম্পত্তিৰ পৰিমাণ জানিলেই আপুনি অনুমান কৰিব পাৰিব কিমান সম্পত্তিৰ অধিকাৰী আমাৰ দেশৰ মঠ-মন্দিৰসমূহ।

তিৰুমালা তিৰুপতি দেৱস্থানম চমুকৈ টিটিডিয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে তিৰুপতি মন্দিৰৰ মুঠ সম্পত্তিৰ বিষয়ে। বিশ্বৰ ভিতৰতে অন্যতম ধনী মন্দিৰ হিচাপে পৰিচিত তিৰুপতি মন্দিৰলৈ প্ৰতিদিনেই দেশ-বিদেশৰ লাখ লাখ ভক্তৰ আগমণ ঘটে। সেই অনুসৰি মন্দিৰলৈ ভক্তসকলে আগবঢ়াই বিভিন্ন প্ৰকাৰে অৰিহণা।

টিটিডিয়ে প্ৰকাশ কৰা তথ্য মতে মন্দিৰটোৰ বৰ্তমানৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮৫,৭০৫ কোটি টকা। এই সম্পত্তি তেওঁলোকে ভক্তই আগবঢ়োৱা ধন, সোণৰ উপৰিও মন্দিৰ কৰ্তৃপক্ষই বিক্ৰী কৰা বিভিন্ন সম্পত্তিৰ পৰা আহৰণ কৰিছে। উল্লেখ্য যে মন্দিৰটোত যোৱ লোকসকলে মুণ্ডন কৰোঁতে যিবোৰ চুলি জমা হয় সেই চুলি বিক্ৰী কৰাৰ উপৰিও মন্দিৰৰ প্ৰসাদ বিক্ৰী কৰিও বহু ধন উপাৰ্জন কৰিছে।