ৰাষ্ট্ৰীয়

নতুন দিল্লীত নৰেন্দ্ৰ মোডী আৰু শ্বেইখ হাছিনাৰ বৈঠক...

Asomiya Pratidin

নতুন দিল্লীৰ হাইদৰাবাদ ভৱনত আজি মিলিত হয় ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা। এই বৈঠকত দুয়ো দেশৰ মাজত সুৰক্ষা তথা আন বিষয়সমূহৰ উন্নয়নৰ ওপৰত হোৱা আলোচনাত প্ৰতিষ্ঠাপন কৰা হৈছে কেইবাটাও গুৰুত্বপূূৰ্ণ বিষয় যেনে দুয়ো দেশৰ বানিজ্যিক সম্পৰ্ক গাঢ় কৰা, যাতায়ত ব্যৱস্থা সূচল কৰা আদি। এই সন্দৰ্ভত, ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ প্ৰবক্তা অৰিন্দম বাগচীৰ ভাষ্য অনুসৰি এই বৈঠক ভাৰত বাংলাদেশৰ সম্পৰ্কৰ স্থিতি পৰীক্ষাৰ বাবে অনুষ্ঠিত হয় । ইয়াৰ উপৰিও, তথ্য-প্ৰযুক্তি, পাৰমাণৱিক শক্তিৰ ওপৰতো এলানি আলোচনাত অংশ লয় দুয়ো দেশৰ প্ৰধান মন্ত্ৰী দুগৰাকীয়ে ।

উল্লেখ্য যে, ভাৰত ভ্ৰমণলৈ অহাৰ পূৰ্বেই এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতৰ বৈদেশিক নীতিৰ ভূয়সী প্ৰশংসা কৰে শ্বেইখ হাছিনাই। বৰ্তমানো চলি থকা ইউক্ৰেইন-ৰ‍াছিয়া যুদ্ধৰ প্ৰাৰম্ভিক ভয়াবহতাৰ সময়ত কেৱল ভাৰতৰে নহয় বৰং বাংলাদেশৰো শিক্ষাৰ্থীসকলক উভতাই লৈ অনা কাৰ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে।