ৰাষ্ট্ৰীয়

কৃষি আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে কৃষক সংগঠনক আলোচনা কৰিবলৈ আহ্বান…

asomiyapratidin

ডিজিটেল ডেস্ক : কৃষি আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিয়ে মঙলবাৰে বৈঠকত বহে । দিল্লীৰ পুছা ইনষ্টিটিউটত অনুষ্ঠিত হয় এই বৈঠক । বৈঠকৰ পিছত সমিতি খনে কৃষক সংগঠন সমূহক আলোচনাত আহিবলৈ আমন্ত্ৰন জনাই যদিও সেই আমন্ত্ৰন নাকচ কৰে কৃষক সংগঠন সমূহে ।

সমিতিৰ সদস্য প্ৰমোদ কুমাৰ জোশীয়ে কয় যে আমি কৃষক সকলক আমাৰ সৈতে কথা পাতিবলৈ অনুৰোধ জনাইছো।কৃষি আইন সন্দৰ্ভত থকা সমস্যা সমূহ আমাক ব্যক্ত কৰক ।সমিতিৰ তিনি গৰাকী সদস্যই প্ৰথমখন সভা অনুষ্ঠিত কৰে।

সমিতিৰ তিনিজন সদস্য, কৃষি অৰ্থনীতিবিদ অশোক গুলতী, কৃষক নেতা অনিল ঘনৱত আৰু কৃষি বিশেষজ্ঞ প্ৰমোদ কুমাৰ যোশী বৈঠক উপস্থিত থাকে । ইফালে ২১ জানুৱাৰীত পৰৱৰ্তী বৈঠক খন কৰিব বুলি জানিব দিয়ে সমিতিৰ সদস্য সকলে । একেদিনাই কৃষকসকলে সংগঠনৰ সৈতে আলোচনা আৰম্ভ কৰিব সমিতিখনে । .