ৰাষ্ট্ৰীয়

উচ্চতম ন্যায়ালয়ত স্থগিত ৰাখিলে নৰা জ্বলোৱা নিৰীক্ষণ কৰাৰ সিদ্ধান্ত…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ বিভিন্ন অঞ্চলৰ "নৰা জ্বলোৱা"ৰ প্ৰথা পৰ্যবেক্ষণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মদন বি লোকৰৰ অধ্যক্ষতাত এখন সদস্য সমিতি গঠনৰ বাবে লোৱা সিদ্ধান্ত স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে। কেন্দ্ৰ চৰকাৰে ন্যায়ালয়ক নিশ্চিতি দিয়ে যে তেওঁলোকে ৩-৪ দিনৰ ভিতৰত প্ৰদূষণ সম্পৰ্কীয় এখন আইন প্ৰৱৰ্তন কৰিব। এই আইনখনে দেশৰ ৰাজধানী চহৰ দিল্লী আৰু কাষৰীয় অঞ্চলৰ বায়ুৰ গুণৱতা নিয়ন্ত্ৰণৰ বাবে প্ৰৱৰ্তন কৰা হ'ব।

মূখ্য ন্যায়াধীশ এছএ বোব্ডে কয় যে এয়া এক গ্ৰহণযোগ্য সিদ্ধান্ত। এইটো এনেধৰণৰ বিষয় যত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত। তেওঁ ইয়াত পিআইএলৰ কোনো প্ৰাসংগিকতা নাই বুলি উল্লেখ কৰিছে। একমাত্ৰ ভুক্তভোগী সকলহে প্ৰদূষণৰ বাবে শ্বাসৰুদ্ধ হৈছে আৰু এয়া এনে এক বিষয় যাক শীঘ্ৰে প্ৰতিহত কৰিব লাগে। তেওঁ উল্লেখ কৰে যে, তেওঁলোকৰ সেয়া প্ৰাথমিক দায়িত্ব দিল্লীৰ লোকসকলে বিশুদ্ধ বায়ু গ্ৰহণ কৰিব পাৰে। চালিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই সম্পৰ্কে কয় যে, এই বিষয়টি যুদ্ধোত্তৰভাৱে সমাধা কৰা উচিত।