ৰাষ্ট্ৰীয়

'ইডি'ৰ জেৰাৰ সন্মুখীন হ’ব তেজস্বী যাদৱ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ Land for job (চাকৰিৰ বাবে ভূমি) কেলেংকাৰীয়ে কঁপাইছে বিহাৰৰ ৰাজনীতি। এতিয়াও অব্যাহত আছে বিহাৰত EDৰ ধাৰাবাহিক তদন্ত। লালুপ্ৰসাদৰ পাছত মঙ্গলবাৰে পুত্ৰ তেজস্বী যাদৱক চলোৱা হ'ব জেৰা।

আজি EDৰ জেৰাৰ সন্মুখীন হ’ব তেজস্বী যাদৱ । Land for job কেলেংকাৰীৰ গোচৰত EDয়ে জেৰা কৰিব তেজস্বীক । সোমবাৰে ১০ ঘণ্টা ধৰি ED য়ে জেৰা কৰিছিল লালুপ্রসাদ যাদৱক । ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনৰ বাসগৃহতো ইডিয়ে চলাইছিল তালাচী । হেমন্ত চোৰেনৰ বাসগৃহৰ পৰা বহু গুৰুত্বপূৰ্ণ নথিপত্রসহ এখন BMW বাহন জব্দ কৰে ED-এ ।